Nagaon Dist. Sahitya Sabha:নগাঁও জিলা সাহিত্য সভাৰ কবি উপ-সমিতিৰ উদ্যোগত অনুভৱ তুলসীৰ স্মৃতিচাৰণ সভা সম্পন্ন

nagaon sahitya

Nagaon Dist Sahitya Sabha:

নগাঁও জিলা সাহিত্য সভাৰ কবি উপ-সমিতিৰ উদ্যোগত আজি জিলা সাহিত্য সভা ভৱনত প্ৰসিদ্ধ কবি -সাহিত্যিক অনুভৱ তুলসীৰ এক স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। স্মৃতিচাৰণ সভা খনি উদ্বোধন কৰে লেখক -জ্যেষ্ঠ সাংবাদিক হেমেন কুমাৰ দাসে। উদ্বোধনী ভাষণত দাসে কয় যে, নগাঁৱৰ অসংখ্য প্ৰসিদ্ধ কবি -সাহিত্যিকে অসমীয়া ভাষা সাহিত্যৰ জগতখনক সমৃদ্ধ কৰিছে। তেওঁ লোকৰ বহুতেই আজি আমাৰ মাজত নাই। কিন্তু তেওঁ লোকৰ সৃষ্ট সাহিত্যই আমাক গৰ্বিত কৰিছে । মহান কবি সাহিত্যিক সকলৰ সৃষ্টি ৰাজিৰ প্ৰচাৰ আৰু প্ৰসাৰত আমি সকলোৱে গুৰুত্ব দিয়া উচিত।”

দাসে লগতে আৰু কয় যে,অনুভৱ তুলসী নাযাব লগীয়া সময়তে গুচি গ’ল। কিন্তু তেওঁ অসমীয়া সাহিত্যৰ ভড়াল সমৃদ্ধ কৰি থৈ গৈছে।যাৰ বাবে তেওঁ সদায় ৰাইজৰ মাজত জীয়াই থাকিব। অনুভৱ তুলসীৰ কবিতা বুজি পাবলৈ পাঠক সমাজৰ সংবেদনশীলতাৰ দৰকাৰ বুলিও দাসে উল্লেখ কৰে।

সভাখনিত মানৱ দৰদী বিশিষ্ট চিকিৎসক তথা বিশিষ্ট লেখক ড: হেমন্ত গোস্বামীয়ে কবি অনুভৱ তুলসীৰ জীৱন সন্দৰ্ভত আলোচনা দাঙি ধৰি কয়— অনুভৱ তুলসী অসমীয়া সাহিত্যৰ এগৰাকী সুপৰিচিত আধুনিক কবি। তেওঁৰ কবিতাসমূহ গভীৰ অনুভূতি, আধুনিক মনোভাৱ, সামাজিক আৰু আত্ম-অন্বেষণমূলক চিন্তাৰে পৰিপূর্ণ ।

নগাঁও জিলা সাহিত্য সভাৰ সম্পাদক ৰাজীৱ কুমাৰ হাজৰিকাই আঁত ধৰা সভা খনত সভাপতিত্ব কৰে নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড°শৰৎ বৰকটকীয়ে। সভাপতিৰ ভাষণত নগাঁও জিলা সাহিত্য সভাৰ সভাপতি, বিশিষ্ট কবি সাহিত্যিক ড°শৰৎ বৰকটকীয়ে কয়, “অনুভৱ তুলসীৰ কবিতাত আছে শোকৰ সংগীত, আতুৰৰ হুমুনিয়াহ আৰু ঐতিহ্যৰ চেতনা। আপোন মানুহৰ মুখৰ মাতৰ যাদুকৰী শক্তিয়ে তেওঁক কাবু কৰিছিল। মানুহৰ অন্তজগতৰ বিস্ময়কৰ আন্ধাৰ পোহৰলৈ ৰূপান্তৰিত কৰিব বিচৰা কবি গৰাকী আছিল শূণ্যতা, নিসংগতা, নৈশব্দৰ লগৰীয়া ৷”

সভাখনিৰ আৰম্ভণিতে বিশিষ্ট কবি গৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি নিবেদন কৰে অবসৰী শিক্ষক, কবি পুনিৰাম শইকীয়াই ৷ কবিগৰাকীলৈ শ্ৰদ্ধাঞ্জলি নিবেদি কবি অনুভৱ তুলসীৰ কবিতাৰ উপৰি কবি তুলসীক কেন্দ্ৰ কৰি কবি মনোজ কুমাৰ শৰ্মা, ইন্দিৰা গোস্বামী ভট্টাচাৰ্য,চিনু কাকতি শইকীয়া, মীনা বৰা,গুণ শইকীয়া, অশোকৰাম ভট্ৰাচাৰ্য, মুকিবুৰ ৰহমান, চন্দ্ৰ মুদৈ, মৃদুপৱন বৰা, গুণকান্ত শৰ্মা, নিজৰা শইকীয়া, অনিমা বৰা,জয়ন্তী বৰা,জেউতি হাজৰিকা, তুলো প্ৰভা ভূঞা, কেশৱ বৰা, উৎপল বৰা আৰু প্ৰাঞ্জল বৰদলৈয়ে একোটিকৈ কবিতা পাঠ কৰা অনুষ্ঠানটিত জ্যেষ্ঠ কবি দ্বিজেন্দ্ৰ মোহন হাজৰিকাই অনুভৱ তুলসীৰ কবিতা বিষ্ণু প্ৰসাদ ৰাভাৰ গীত আৰু কবিতাৰ মাজৰ মৃত্যু চেতনা বাখ্যা কৰে। অনুষ্ঠানটি “চিৰ চেনেহী মোৰ ঠাষা জননী”গীতেৰে সামৰণি পৰে ৷

Exit mobile version