Police not wearing Helmets:
আৰক্ষীয়ে হেলমেট পৰিধান নকৰিলে নভৰে জৰিমনা । কিন্তু সাধাৰণ জনতাই হেলমেট পৰিধান নকৰিলে ভৰিব লগা হয় জৰিমনা । এই ঘটনা নাওবৈচাৰ দল’হাট তিনিআলিৰ।
ADVERTISEMENT
শনিবাৰে সন্ধিয়া দল’হাট আৰক্ষীয়ে হেলমেট পৰিধান নকৰা লোকক জৰিমনা লৈ থাকোঁতে দুই আৰক্ষী হেলমেট পৰিধান নকৰাকৈ অহাত পৰিবলগীয়া হল ৰাইজৰ ৰোষত । ৰাইজৰ প্ৰশ্ন আপোনালোকে কিয় হেলমেট পৰিধান কৰা নাই । আপোনালোকে এতিয়া জৰিমনা ভৰক।
আৰক্ষীয়ে জৰিমনা নিদিয়ে ৰাইজে নামানে। এনেকৈ তৰ্কাতৰ্কি লাগি থাকিল অলপ সময়। আৰক্ষীয়ে প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি সেই স্থান এৰি যাবলৈ বাধ্য হয় ।




































