stuntman:✒️দক্ষিণ ভাৰতৰ চলচ্চিত্র জগতৰ পৰিচিত ষ্টান্ট শিল্পী এমএছ ৰাজুৰ ষ্টান্ট প্ৰদৰ্শনৰ দৃশ্যগ্ৰহণৰ সময়ত দুর্ঘটনাত মৃত্যু হ’ল। পিএ ৰণজিৎ পৰিচালিত ‘আয়া’ৰ দৃশ্যগ্রহণত ৰাজুৱে এক ষ্টাণ্টত অংশ লোৱাৰ সময়ত এখন গাড়ী বাগৰি পৰাত ৰাজুৰ মৃত্যু হ’ল।
ADVERTISEMENT
ষ্টান্ট কৰাৰ সময়ত ৰাজুৱে চলোৱা গাড়ীখনে ভাৰসাম্যতা হেৰুওৱাত কে’বাবাৰো বাগৰি পৰি অগ্নিৰ মাজত সোমাই গৈছিল।
গুৰুতৰভাৱে আহত ৰাজুক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও চিকিৎসকে তেওঁৰ মৃত ঘোষণা কৰে। দক্ষিণ ভাৰতৰ বহু ছবিত ৰাজুৱে স্টান্ট শিল্পী হিচাপে দৃশ্যগ্রহণত অংশ লৈছিল।






























