Cremation of aircrafts :
যিবোৰ বিমান এতিয়া ব্যৱহাৰ নহয়, সেইবোৰৰ কি হয়? এবিজোনাৰ মৰুভূমি চহৰ টাচনত ডেভিছ-মস্থান বায়ুসেনা ঘাটি নামৰ এখন ঠাই আছে, যিটো সঁচাকৈয়ে অনন্য। এই ঠাইখন বিশ্বৰ সৰ্ববৃহৎ বিমানৰ কবৰস্থান হিচাপে পৰিচিত।
৩০৯ নম্বৰ এৰোস্পেচ মেইন্টেনেন্স এণ্ড বিজেনেৰেচন গ্রুপ (এএমএআৰজি) নামেৰে জনাজাত এই বিশাল স্থানত ৪,০০০ৰো অধিক ডিকমিচন কৰা বিমান আছে। পুৰণি যুঁজাৰু বিমানৰ পৰা আৰম্ভ কৰি বৃহৎ পৰিবহণ বিমানলৈকে ইয়াত মুকলি আকাশৰ তলত শাৰী শাৰীকৈ জমা কৰি ৰখা হয়।
# টাচনত ইমানবোৰ বিমান কিয় ?
শুকান আৰু ৰ’দঘাই জলবায়ুৰে বাবে টাচনক বিশেষভাৱে উপযুক্ত স্থান হিচাপে বাছি লোৱা হৈছিল। এই ঠাইত বৰষুণ বা আর্দ্রতা অতি কম, অর্থাৎ বিমানবোৰ মৰিছা আৰু জাৰণৰ পৰা নিৰাপদ। মাটিও দৃঢ় আৰু কঠিন, গতিকে বিমানবোৰ ডুব নোযোৱাকৈ ৰখাই থোৱা থাকে, যাব ফলত সেইবোৰ সংৰক্ষণ আৰু যত্ন লোৱাটো সহজ হৈ পৰে।
# এই বিমানবোৰৰ কি হয়?
ইয়াত সকলো বিমান পৰিত্যক্ত নহয়। প্ৰতিখন বিমানৰ এটা উদ্দেশ্য থাকে, অর্থাৎ কিছুমান মেৰামতি কৰা হয় আৰু প্ৰয়োজন হ’লে পুনৰ উৰণৰ বাবে সাজু কৰা হয়। কেতিয়াবা ডিকমিচন কৰা বিমানৰ পৰা মূল্যৱান অতিৰিক্ত অংশ আঁতৰাই আন বিমানত ব্যৱহাৰ কৰা হয়; কিন্তু বেছিভাগেই ক্রমান্বয়ে বিভাজেত কৰা স্ক্রেপ মেটাল হিচাপে বিক্ৰী কৰা হয়। ইয়ালৈ অনা বিমানবোৰ প্ৰথমে চাফা কৰা হয়, সকলো ইন্ধন আঁতৰাই পেলোৱা হয় আৰু ধূলি, গৰম আৰু সূৰ্যৰ পোহৰৰ পৰা ৰক্ষা কৰিবলৈ প্লাষ্টিক আৰু বিশেষ স্প্রে’ৰে ঢাকি দিয়া হয়।
#টাচনত কি কি বিমান আছে ?
ইয়াৰে অধিকাংশ বিমান আমেৰিকাৰ সেনাবাহিনীৰ অর্থাৎ বায়ুসেনা, নৌসেনা, সেনা আৰু ক’ষ্ট গাৰ্ডৰ; কিন্তু সেয়া কেবল আমেৰিকাৰ বিমান নহয়। নাছা আনকি আমেৰিকাৰ ‘বন্ধুত্বপূর্ণ’ ‘বিদেশী দেশৰ বিমানো ইয়াত মজুত কৰা হয়। এৰিজোনাৰ টাচন চহৰত সংৰক্ষিত প্রতিখন বিমানে বৃদ্ধ বয়সত নীৰৱে জিৰণি লৈ আছে। জীৱনৰ শেষৰ ফালে কে’বাখনো বিমানক সমাধিস্থ কৰা হৈছে।




































