✒️দুবছৰ পূৰ্বে দুজন লোকে ইংলণ্ডত থকা এজোপা ঐতিহাসিক আৰু অতি মনোমোহা বৃক্ষ কাটি ধ্বংস কৰিছিল। উক্ত দুই ব্যক্তিয়ে বৃক্ষ কৰ্তনৰ দৃশ্য আইফোনত আবদ্ধ কৰি সামাজিক মাধ্যমৰ জৰিয়তে ভাইৰেল কৰিছিল।
ঐতিহাসিক গুৰুত্বপূৰ্ণ উক্ত বৃক্ষ কটাৰ অভিযোগত দুবছৰ পাছত ইংলণ্ডৰ এখন আদালতে দুই বন্ধু ডেনিয়েল গ্রাহম আৰু ডেম কেৰুথৰ্ছক চাৰি বছৰৰ কাৰাদণ্ডৰ ৰায় দিলে।
ডেনিয়েল আৰু ডেমে ইংলণ্ডৰ ঐতিহাসিক চিকাম’ৰ গেপ নামৰ ২০০ বছৰ পুৰণি এজোপা গছ কাটি ধ্বংস কৰিছিল। ২০২৩ত এই ঘটনা সংঘটিত হৈছিল।
ডেনিয়েল আৰু ডেমে এক ধুমুহাৰ নিশা আনন্দত মতলীয়া হৈ দুই শতিকা প্রাচীন উক্ত বৃক্ষ ধ্বংস কৰিছিল। এই ঘটনাৰ ভিডিঅ’ দুই বন্ধুৱে নিজেই তৈয়াৰ কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰিছিল।
ডেনিয়েল আৰু ডেমৰ বিৰুদ্ধে পাছত আৰক্ষীয়ে গোচৰ ৰুজু কৰিছিল। বৃক্ষ ধ্বংসৰ এই গোচৰৰ বিচাৰ চলাই অলপতে আদালতে ডেনিয়েল আৰু ডেমক দুবছৰৰ কাৰাদণ্ডৰ ৰায় দিলে।
আদালতে সদৰী কৰা অনুসৰি, ডেনিয়েল আৰু ডেমে ধ্বংস কৰা বৃক্ষৰ মূল্য প্রায় ছয় কোটি টকা আছিল।






























