Actress katrina kaif:✒️বলিউডৰ ইতিহাসত অভিনেত্রী হোৱাৰ পূর্বে প্রায় সকলোৱে মডেল হিচাপে কাম কৰে। বৰ্তমানৰ সফল এগৰাকী অভিনেত্রীয়ে মাথোঁ ১৪ বছৰ বয়সতে মডেল হিচাপে সফলতা অর্জন কৰিছিল। বলিউডক দিয়ে বহু কেইখন জনপ্রিয় ছবিয়ো। ডাঙৰ ডাঙৰ ছুপাৰষ্টাৰৰ স’তে প্ৰেমৰ সম্পর্কতো নাম সাঙোৰ খায়। ছলমান খান, ৰনবীৰ কাপুৰ আছিল এটা সময়ত প্রেমিক।
বর্তমানে আন এগৰাকী বলিউড ছুপাৰষ্টাৰৰ পত্নী। সেই মডেল তথা অভিনেত্ৰীগৰাকীয়ে হৈছে কেটৰিণা কাঈফ। কেটৰিণা কাঈফৰ বলিউডত এক সুন্দৰ যাত্রা। বিদেশত জন্মগ্রহণ কৰা এইগৰাকী সুন্দৰীয়া অতি কম বয়সতে ভাৰতলৈ আহে।
প্রথমে মডেলিং জগত, তাৰ পিছত বলিউড ব্যস্ত হৈ পৰে।কেটৰিণাই মাত্র ১৪ বছৰ বয়সৰ পৰাই মডেলিং কেৰিয়াৰ আৰম্ভ কৰিছিল। ১৯৮৩ৰ ১৬ জুলাইত ব্রিটিছ হংকঙত জন্মগ্রহণ কৰা কেটৰিণা কেতিয়াও স্কুললৈ যোৱা নাছিল। কাৰণ ১৮খন ভিন্ন দেশত কটাবলগা হৈছিল শৈশৱ।
যাৰ বাবে কোনোদিনে বিদ্যালয়ৰ মুখ নেদেখিলে কেটৰিণাই। ১৪ বছৰ বয়সত হাৱাইত অনুষ্ঠিত এক সৌন্দর্য প্রতিযোগিতাত খিতাপ দখল কৰাৰ পৰাই আৰম্ভ গৈছিল কেটৰিণাৰ মডেলিং কেৰিয়াৰ।
কেটৰিণাই বহু বছৰ ধৰি মডেলিং কৰিছিল, পাছত ভাৰতলৈ আহি মডেলিঙৰ লগতে সৌন্দর্যব বাবে চিনেমাত কাম কৰাৰ সুযোগ লাভ কৰে। ২০০৩ৰ ‘বুম’ ছবিৰ পৰা আৰম্ভ হৈছিল কেটৰিণাৰ অভিনয় কেৰিয়াৰ, কিন্তু ছবিখন ফ্লপ হৈছিল। অৱশ্যে অতি সোনকালেই বলিউডত নাম উজলাবলৈ সক্ষম হৈছিল কেটৰিনাই। ছালমান খানৰ জৰিয়তে বলিউডত বহুকেইখন ছবি লাভ কৰাৰ লগতে জনপ্রিয়তা লাভ কৰিছিল।
ছলমান খান আৰু ৰণবীৰ কাপুৰৰ পিছত ২০১৯ত কেটৰিণাৰ জীৱনত প্ৰৱেশ কৰে জনপ্রিয় অভিনেতা বিকি কৌশলে। দুয়ো প্রায় দুবছৰ ধৰি ডেটিং কৰি, পিছত ২০২১ত ৰাজস্থানত ৰজাঘৰীয়া শৈলীত বিবাহপাশত আৱদ্ধ হয়।




































