ক’ত লুকাল ‘ক্লাব নির্ভানা’ৰ পৱন শর্মা!

হাইপ্রফাইল ব্যক্তিক সন্তুষ্ট কৰিবলৈ যোগান যুৱতীক আৰক্ষীয়ে ধৰিবনে?

IMG 20250720 110640

Nirvana:✒️নিষিদ্ধ কেচিন’ জুৱাৰ লগতে দেহ ব্যৱসায়ত জড়িত সোণাপুৰৰ বিলাসী ৰিজ’ৰ্টৰ স্বত্বাধিকাৰী কুখ্যাত পরন শর্মা পলাতক। স্মাৰ্ট আৰক্ষীৰ চকুত ধূলি দি যোৱা ছটা দিনে কুখ্যাত ব্যৱসায়ীজন ক’ত অন্তর্ধান হ’ল তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে কিয়নো বহু অবৈধ ব্যৱসায়ৰ স’তে জড়িত তথা ৰাজনৈতিক আশিসপুষ্ট পৱন শর্মাক আজিকোপতি আৰক্ষীয়ে গাৰ নোম এডালো ল’ৰাব পৰা নাই।

ফলত এইবাৰো কুখ্যাত ব্যৱসায়ীজনে আইনৰ সুৰুঙাৰে মুকলি আকাশৰ তললৈ আহি পূৰ্বৰ দৰেই পুনৰ ব্যৱসায় চলাই যাব বুলি সর্বত্রে চর্চা হৈছে। উল্লেখ্য যে যোৱা ১৫ জুলাইত সোণাপুৰ আৰক্ষীৰ অভিযানত বিলাসী বিজ’ৰ্ট ক্লাব নির্ভানাত নিষিদ্ধ কেচিন’ৰ এটা ঘাটি উৎখাত হৈছিল, য’ত চাৰিজন আন্তঃৰাষ্ট্ৰীয় জুৱাৰীসহ সাতজনক লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

এই গ্ৰেপ্তাৰ কৰাসকলৰ ভিতৰত আছে ক্লাব নির্ভানাৰ সঞ্চালক তথা ব্যৱসায়ী পৱন শৰ্মাৰ কন্যা জ্যোতি শৰ্মা (৩১), তেওঁৰ স্বামী অভিষেক শৰ্মা (৩১) আৰু ৰিজ’ৰ্টখনৰ পৰিচালক নগাঁৱৰ কামপুৰৰ দীপক শইকীয়া (৫০)। ইয়াৰে জ্যোতি শর্মা সম্প্রতি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকাৰ বিপৰীতে আন দুজন আৰক্ষীৰ জিম্মাত আছে।

সমান্তৰালভাৱে কেচিন’ জুৱাৰ লগত জড়িত মিজোৰামৰ ধৃত লালচানহিমা চাইল’ (৩৫), লালফকাৱামা ৰাল’টে (২৮), লালবিং হেটা (৩৫) আৰু যোছেফ লালপাৰমাৱিআ (২৮) সম্প্ৰতি আৰক্ষীৰ জিম্মাত আছে। উল্লেখ্য যে এই অভিযানত আৰক্ষীয়ে বহু আপত্তিজনক সামগ্রী জব্দ কৰাৰ লগতে ৰিজ’ৰ্ট কর্তৃপক্ষই দীর্ঘদিন ধৰি চলাই অহা নাৰী দেহ ব্যৱসায়ৰ তথ্য উদঘাটন কৰিবলৈ সক্ষম হয়।

বিশেষকৈ ৰিজ’ৰ্টখনৰ ধৃত পৰিচালক শইকীয়াৰ ম’বাইলৰ পৰা আৰক্ষীয়ে নাৰী দেহ ব্যৱসায়ৰ বহু আপত্তিজনক তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এই তথ্যৰ ভিত্তিত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখি এগৰাকী ভুক্তভোগী যুৱতীক জেৰা অব্যাহত ৰাখিছে। জেৰাত যুৱতীগৰাকীয়ে বিলাসী ৰিজ’ৰ্টখনৰ বহু ক’লা অধ্যায় আৰক্ষীৰ সন্মুখত দাঙি ধৰিছে।

সমান্তৰালভাৱে আৰক্ষীয়ে সম্প্ৰতি কাৰাগাৰত থকা ৰিজ’ৰ্টখনৰ সঞ্চালক জ্যোতি শৰ্মাক জেৰা চলাবলৈ অনুমতি বিচাৰি সংশ্লিষ্ট পক্ষলৈ আবেদন কৰিছে। উল্লেখ্য যে ৰিজ’ৰ্ট ‘ক্লাব নির্ভানা’ৰ স্বতাধিকাৰী পৱন শৰ্মা পলাতক হৈ আছে বুলি আৰক্ষীয়ে সদৰী কৰিছে; কিন্তু এয়া বিতর্কিত ব্যৱসায়ীজনক ৰক্ষণাবেক্ষণ দিবলৈ এক কৌশল বুলিহে অভিযোগ উঠিছে।

সোণাপুৰৰ স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি, কেৱল নিষিদ্ধ কেচিন’, নাৰী দেহ ব্যৱসায় আদিয়েই নহয়; ক্লাব নির্ভানাত সুলভ বিলাসী ড্রাগছ। এক বিশেষ গোপন ‘ক’ড’ ব্যৱহাৰ কৰি ৰিজ’ৰ্ট কর্তৃপক্ষই অবৈধ বেহা চলাই আহিছে বুলি স্থানীয় লোকে অভিযোগ কৰে। আনকি সদ্যসমাপ্ত আইপিএলক লৈ ৰিজ’ৰ্টখনৰ পৰা জুৱা নিয়ন্ত্ৰণ হোৱাৰ অভিযোগ আছে।

এনে অভিযোগ আৰক্ষীৰ হাতত থকাৰ পাছতো ৰহস্যজনকভাৱে ৰিজ’টখনত অভিযান চলোৱা হোৱা নাছিল। বিতর্কিত ব্যৱসায়ীজন ৰাজনৈতিকভাৱে প্ৰভাৱশালী হোৱাৰ বাবেই প্রতিবাৰে সাৰি যায় বুলিও স্থানীয় লোকে মন্তব্য কৰে।

Exit mobile version