শতবর্ষ অতিক্ৰম কৰি প্রয়াত কেৰেলাৰ প্রাক্তন মুখ্যমন্ত্রী ভিএচ অচুথানন্দন!

images 1 10

Kerala:✒️শতবৰ্ষ অতিক্ৰম কৰি জীৱন যুদ্ধত হাৰ মানিলে প্ৰবীণ বাওঁপন্থী নেতা ভি এছ অচুথানন্দন। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ১০১ বছৰ।

এই বিশিষ্ট বাওঁপন্থী নেতাজন আছিল কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী। চিপিআইৰ পৰা বিচ্ছিন্ন হৈ চিপিএম গঠন কৰা একমাত্ৰ নেতা আছিল অচুথানন্দন।

আজি বিয়লি তিৰুৱনন্তপুৰমত অচুথানন্দন মৃত্যুৰ খবৰে বাওঁপন্থী ৰাজনৈতিক মহলত শোকৰ ছাঁ পেলাইছে।

উল্লেখ্য যে,এমাহ পূৰ্বে তেওঁৰ হাৰ্ট এটেক হৈছিল। তেতিয়াৰ পৰাই তেওঁ তিৰুৱনন্তপুৰমৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল।

শেষৰ ফালে তেওঁক ভেণ্টিলেচনত ৰখা হৈছিল। সোমবাৰে চিকিৎসাধীন অৱস্থাতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে । ভি এছৰ মৃত্যুৰ খবৰটো দলটোৰ ৰাজ্যিক সভাপতি এম ভি গোবিন্দনে নিশ্চিত কৰিছে।

দলটোৰ প্রতিষ্ঠাপক সদস্যৰ মৃত্যুতত সমাপ্তি হয় চিপিএমৰ এটা অধ্যায় । বাওঁপন্থী ৰাজনৈতিক মহলত শোকৰ ছাঁ।

Exit mobile version