Robbers Arrested:
অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে গুৱাহাটী ৷ চুৰি- ডকাইতিৰ দৰে নানান অপৰাধমূলক কাৰ্য সংঘটিত কৰিবৰ বাবে মহানগৰীৰ কেতবোৰ অঞ্চলত বাহৰ পাতিছে দুৰ্ধৰ্ষ অপৰাধীৰ দল ৷ শেহতীয়াকৈ এই অপৰাধী সকলৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে গুৱাহাটী আৰক্ষী।
বুধবাৰে নিশা বশিষ্ঠ আৰক্ষীয়ে বিশেষ খবৰৰ ভিত্তিত যোৰাবাট আৰক্ষীৰ সহযোগত তেৰ মাইলত অৰ্তকিতে অভিযান চলাই নজনীয়া দুর্ধর্ষ ডকাইতৰ দল এটাক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ ধৃত ডকাইতৰ দলটোৰ পৰা এখন নম্বৰ প্লেট বিহীন ট্ৰাক,তিনি খন নম্বৰ প্লেট আৰু কেতবোৰ সামগ্ৰী জব্দ কৰে ৷ ডকাইত কেইটা হ’ল মমিনুৰ আলী, খাইৰুল হক, নিৰঞ্জন ৰাভা, মঞ্জুৰ আলী, ফজল হক, মহৰ আলী,মফিদুল আলী, গাজিয়া ৰহমান আৰু সমীৰ আলী।
উল্লেখ্য যে,আটকাধীন ডকাইত কেইটাই ৰাজ্যৰ ভিন্ন স্থানত কে’বাটাও ডকাইতি কাৰ্য সংঘটিত কৰি একপ্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰিছিল ৷ যাৰবাবে আৰক্ষীৰ টাৰ্গেটত আছিল ডকাইতৰ দলটো ৷ অৱশেষত ‘এশ গৰু মাৰিলে বাঘৰো মৰণ’ লেখিয়া দুৰ্ধৰ্ষ ডকাইতৰ দলটো আৰক্ষীৰ জালত পৰে।




































