এইবাৰ উত্তৰপ্ৰদেশৰ মন্দিৰত আতংক , বিদ্যুতৰ তাৰ ছিঙি মৃত দুই , পদপিষ্টৰ পৰিস্থিতি

UP 7

Barabanki:✒️হৰিদ্বাৰৰ পাছত এইবাৰ উত্তৰ প্ৰদেশৰ বাৰাবাংকি। উষণেশ্বৰ মহাদেৱ মন্দিৰত প্ৰাৰ্থনা কৰি থকা অৱস্থাত দুজন ভক্তৰ মৃত্যু। হঠাৎ বিদ্যুতৰ তাঁৰ বিছিন্ন হৈ ভক্তসকলৰ ওপৰত পৰিল, যাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।

এই ঘটনাই পলকতে ভক্তসকলৰ মাজত চৰম বিশৃংখলতাৰ সৃষ্টি কৰিছিল।বিদ্যুৎস্পৃষ্ট হোৱাৰ আশংকাত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হয়।

পদপিষ্টৰ দৰেই পৰিস্থিতিৰ সৃষ্টি হ’ল। প্ৰাপ্ত তথ্য অনুসৰি,এই ঘটনাত ২৯ জন লোক আহত হৈছে।

তথ্য অনুসৰি ,বাৰাবাংকি জিলাৰ হায়দৰগড়ত অৱস্থিত উষাণেশ্বৰ মহাদেৱ মন্দিৰ ভক্তৰ বাবে অতি জাগ্ৰত। শাওন মাহৰ সোমবাৰ উপলক্ষে এই মন্দিৰত বৃহৎ সংখ্যক লোক সমবেত হৈছিল। দেওবাৰে নিশাৰ পৰা ইয়াত ভক্তৰ সমাগম হৈছিল। পুৱা প্ৰায় তিনি বজাত সংঘটিত হয় এই দুৰ্ঘটনা।

ঘটনা পোহৰলৈ অহাৰ পিছতে শোক প্ৰকাশ কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। স্থানীয় আৰক্ষী আৰু প্ৰশাসনক ততাতৈয়াকৈ সেই স্থানত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়ে। আহতসকলে যাতে উপযুক্ত চিকিৎসা লাভ কৰে তাৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ।

দুৰ্ঘটনাত নিহত হোৱা এজন প্ৰশান্ত নামৰ ২২ বছৰীয়া যুৱক। দ্বিতীয়জন ব্যক্তিৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।

Exit mobile version