Gaza ✒️আন্তজাৰ্তিক সমালোচনাৰ মাজতে ইজৰাইল সেনাই গাজাত দৈনিক ১০ ঘণ্টীয়া যুদ্ধবিৰতি ঘোষণা কৰিছে। কেবাটাও অঞ্চলক “নিৰাপদ এলেকা” হিচাপে চিহ্নিত কৰা হৈছে আৰু সেই অঞ্চলসমূহত প্ৰতিদিনে পুৱা ১০ বজাৰ পৰা নিশা আঠ বজালৈ কোনো ধৰণৰ আক্ৰমণ নহ’ব বুলি কোৱা হৈছে।
কিন্তু অভিযোগ,ইজৰাইলৰ গোলাবৰ্ষণ বন্ধ হোৱা নাই। গাজাত যুদ্ধবিৰতি ঘোষণা কৰাৰ পাছতো তেওঁলোকৰ আক্ৰমণত আৰু কমেও ৬৩ জন লোকৰ মৃত্যু হৈছে বুলি পশ্চিম এছিয়াৰ সংবাদ মাধ্যম আল জাজিৰাৰ তথ্যই প্ৰকাশ কৰিছে।
অনাহাৰত মৃত্যু হোৱা লোকৰ সংখ্যাও যথেষ্ট বৃদ্ধি পাইছে।দেওবাৰে ইজৰাইলৰ সেনাই ঘোষণা কৰে যে আল-মাৱাছি, ডেইৰ এল-বালাহ, গাজা চহৰকে ধৰি মধ্য আৰু উত্তৰ গাজাৰ কেবাটাও অঞ্চলত দহ ঘণ্টাৰ বাবে সামৰিক কাৰ্যকলাপ স্থগিত ৰখা হ’ব।
প্ৰতিদিনে যাতে ভোকাতুৰসকলৰ ওচৰলৈ সাহায্য পোৱা যায় তাৰ বাবে পুৱা ছয় বজাৰ পৰা নিশা ১১ বজালৈও কিছুমান বিশেষ পথ মুকলি কৰা হ’ব। কিন্তু এই ঘোষণাৰ পাছটো আইডিএফে আক্ৰমণ বন্ধ কৰা নাই বুলি অভিযোগ উত্থাপন হৈছে।
দেওবাৰে গাজা চহৰত বিমান আক্ৰমণ সংঘটিত হয়। স্থানীয় পেলেষ্টাইনীসকলে দাবী কৰে যে এটা বেকাৰীক লক্ষ্য কৰি লোৱা হৈছিল। বহু লোক নিহত হোৱাৰ লগতে বহু লোক আহত হয়।
গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি বিগত ২৪ ঘন্টাত আৰু ছজন লোকৰ অনাহাৰ আৰু অপুষ্টিৰ ফলত মৃত্যু হৈছে। নিহতসকলৰ ভিতৰত দুটা শিশুও আছে, ইয়াৰে এজনৰ বয়স মাত্ৰ পাঁচ মাহ।
২০২৩ চনৰ অক্টোবৰৰ পৰা গাজাত পুষ্টিহীনতাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১৩৩ জনলৈ বৃদ্ধি পাইছে।
২০২৩ চনৰ অক্টোবৰৰ পৰা গাজাত ভোকত মৃত্যু হোৱা লোকৰ সংখ্যা ১৩৩ লৈ বৃদ্ধি পাইছে। বহুতে পুষ্টিহীনতাৰ বাবে চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। কিন্তু পৰিস্থিতি ইমানেই ভয়াৱহ যে চিকিৎসকেও খাবলৈ অক্ষম।
আইডিএফৰ বিষয়াসকলে গাজাত খাদ্যৰ নাটনি স্বীকাৰ কৰিছে। অৱশ্যে দুৰ্ভিক্ষৰ পৰিস্থিতি মানি ল’বলৈ তেওঁলোক ইচ্ছুক নহয়।
ইজৰাইলে পেলেষ্টাইনী সশস্ত্ৰ সংগঠন হামাছৰ বিৰুদ্ধে ব্যৱস্থা হিচাপে গাজাত সাহায্যৰ প্ৰৱেশত বাধা আৰোপ কৰিছে।
আনকি ৰাষ্ট্ৰসংঘই প্ৰেৰণ কৰা সাহায্যও তাত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাছিল। এই পৰিস্থিতিত লাখ লাখ শিশু অনাহাৰে মৃত্যুবৰণ কৰিব বুলি আশংকা প্ৰকাশ কৰিছিল ৰাষ্ট্ৰসংঘই।
ইজৰাইলৰ এই কাৰ্যক বিশ্বজুৰি সমালোচনা কৰা হৈছে। অভিযোগ অনুসৰি গাজাত খাদ্যৰ নাটনি ইচ্ছাকৃতভাৱে সৃষ্টি কৰা হৈছে।
দুৰ্ভিক্ষৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। দিনে দিনে খাদ্য নোহোৱাকৈ থাকিব লগা হৈছে।
এই পৰিস্থিতিত দেওবাৰৰ পৰা ইজৰাইল সেনাই গাজালৈ সাহায্য সামগ্ৰী বিমানেৰে নিক্ষেপ কৰিবলৈ আৰম্ভ কৰে।






























