Eviction inevitable :
উচ্ছেদৰ আশংকাত কঁপিছে নেঘেৰীবিলৰ বেদখলকাৰীসকল। মঙলবাৰে উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত উচ্ছেদ অভিযান আৰম্ভ হোৱাক লৈ নিদ্ৰাহৰণ হৈছে মেৰাপানীৰ দুই নম্বৰ নেঘেৰীবিলৰ বেদখলকাৰী সকলৰ।
ইতিমধ্যে এই বেদখলকাৰী সকললৈ সাতদিনৰ ভিতৰত ঘৰ-বাৰী এৰি আঁতৰি যাবলৈ বন বিভাগে জাননী জাৰি কৰিছে। এই জাননী পোৱাৰ পাছতে একাংশ বেদখলকাৰীয়ে ঘৰ এৰি যোৱাৰ প্ৰস্তুতি চলাইছে। অৱশ্যে একাংশই আপোন ঘৰখন এৰি যাবলৈ ইচ্ছা কৰা নাই।
আনহাতে, একাংশ বেদখলকাৰীয়ে ‘দৈনিক অগ্রদূত’ক কয়, ‘প্রফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন অগপৰ প্ৰথম শাসনত ১৯৮৭ ত তেজপুৰৰ পৰা এক দম্পতী প্রথমে নেঘেৰীবিললৈ আহে। তেওঁলোকে ইয়াত প্রথমে তিনি কঠা মাটি লৈ ঘৰ সাজে। পর্যায়ক্রমে মাটি বঢ়াই খেতি-বাতি কৰি জীৱন-যাপন কৰিবলৈ লয়।’
সম্প্রতি এই দম্পতীৰ পৰিয়ালৰ মুঠ সদস্যৰ সংখ্যা ১২ জন বুলি জানিবলৈ দি তেওঁলোকে লগতে কয়, ‘উচ্ছেদৰ পূৰ্বে ঘৰৰ ভিতৰৰ কিছু বয়-বস্তু বিক্ৰী কৰি মূলধন জমা কৰি ৰাখিছো। উচ্ছেদৰ সময়ত ঘৰৰ মহিলাসকল আৰু ল’ৰা-ছোৱালীক আঁতৰাই ৰাখিম। কিন্তু প্রশাসনে মাৰিলেও মাৰিব, কাটিলেও কাটিব, ইয়াতেই থাকিম। গাঁও এৰি নাযাও।’
একেদৰে ১৯৮৫ত মৈৰাবাৰীৰ পৰা দুই নম্বৰ নেঘেৰীবিললৈ আহে এটা দুজনীয়া পৰিয়াল। সম্প্ৰতি পৰিয়ালটোৰ সদস্যৰ সংখ্যা মুঠ ১৪ জন বুলি জানিবলৈ দি পৰিয়ালটোৰ সদস্যই কয়, ‘আমাৰ পুৰণি ঠাই মৈৰাবাৰীত মা আৰু ভাই-ককাই আছে। চৰকাৰে উচ্ছেদ কৰিলে পূৰ্বৰ স্থানলৈ ঘূৰি যাম।’
স্থানীয় লোকে জনোৱা মতে, আৰম্ভণিতে গাঁওখনত বিভিন্ন স্থানৰ পৰা আহি পাঁচঘৰ লোকে বসতি স্থাপন কৰে যদিও সম্প্রতি বেদখলকাৰী পৰিয়ালৰ সংখ্যা তিনি শতাধিক হৈছে। এই তিনি শতাধিক পৰিয়ালৰ সদস্যৰ সংখ্যা তিনি হেজাৰৰো অধিক।
উল্লেখ্য যে উচ্ছেদৰ জাননী পোৱাৰ পাছত প্ৰথম অৱস্থাত অঞ্চলটোৰ অধিকাংশ লোকে ঘৰ-বাৰী এৰি আঁতৰি নোযোৱাৰ আঁকোৰগোঁজ স্থিতি লয় যদিও শেহতীয়াভাৱে স্থিতি সলনি কৰাৰ ইংগিত স্পষ্ট হৈছে। ইয়াৰ ফলত গাঁওখনৰ একাংশই ঘৰৰ বয়-বস্তু বিক্ৰী কৰিছে। এইসকলে পূৰ্বৰ বসতিস্থল ধিং, ৰূপহীহাট, মৈৰাবাৰী, হোজাই আদিলৈ যাবলৈ প্রস্তুতি চলাইছে। কাজেই গাঁওখনত সম্প্রতি হতাশা, শংকা আৰু আতংক বিৰাজ কৰি আছে।






























