Hit And Run Incident: নন্দিনী কাণ্ড নাম সাঙোৰ ইউএছটিএম স্বত্বাধিকাৰ মহবুবুল হক

নন্দিনী কাশ্যপক বচাবলৈ ছামিউলৰ পৰিয়াললৈ পাঁচ লাখ টকাৰ অফাৰ, সংবাদমেলত সদৰি ছামিউলৰ পৰিয়ালৰ

mmm

Hit And Run Incident:

এইবাৰ হিট এণ্ড ৰাণ‘ ঘটনাৰে নাম সাঙোৰ খাইছে ইউএছটিএমৰ স্বত্বাধিকাৰ বিতৰ্কিত মহবুবুল হক ৷বৰ্তমান পানবজাৰ মহিলা আৰক্ষী থানাৰ লকআপৰ আলহী হৈ থকা স্বল্পখ্যাত অভিনেত্ৰী নন্দিনী কাশ্যপক বচাবলৈ মহবুবুল হকে ছামিউলৰ পৰিয়াললৈ অফাৰ কৰিছিল ৫ লাখ টকাৰ ধন।

এই বিস্ফোৰক অভিযোগ ছামিউলৰ মোমায়েক জেহৰুল হকৰ ৷ বৃহস্পতিবাৰে এক সংবাদমেলত হকে কয় যে,মহবুবুল হকৰ পি এ জনে তেওঁক লৈ গৈছিল মেঘালয়ৰ ইউএছটিএম চৌহদলৈ ৷ আনকি শুকুৰবাৰে দক্ষিণগাৱঁত নন্দিনী কাশ্যপৰ বাহনে ছামিউল হকক স্কুটী সহ মহতীয়াই নিয়াৰ পিচত সংঘটিত ঘটনাৱলীৰ সম্পৰ্কত পূৰ্বৰ চিনাকী সূত্ৰে নন্দিনীয়ে মহবুবুল হকক তেওঁক বচাবৰ বাবে ফোন যোগে বাৰ্তালাপ কৰে ৷ যাৰবাবে হকে ছামিউলৰ মোমায়েকৰ জৰিয়তে সমস্ত বিষয়টো অন্ত পেলোৱাৰ বাবে চেষ্টা কৰে ৷ ছামিউলৰ পৰিয়াললৈ মহবুবুল হকে অফাৰ কৰিছিল ৫ লাখ টকাৰ ধন ৷

সংবাদমেলত ছামিউলৰ মোমায়েক জেহৰুল হকে চৰকাৰে লোৱা পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনায় ৷

Exit mobile version