Tirupati Balaji Temple:
ৰাজ্যত বেদখল উচ্ছেদ তথা আজাৰাৰ প্ৰস্তাৱিত ভূমি অধিগ্রহণৰ প্ৰসংগই চৌদিশ উত্তাল কৰি ৰখাৰ সময়তে গুৱাহাটীত এটা মন্দিৰ নিৰ্মাণৰ বাবে পাঁচ একৰ ভূমি বিচাৰি মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাৰ দ্বাৰস্থ হৈছে দক্ষিণ ভাৰতৰ তিৰুপতি ব’ৰ্ড তথা তিৰুমালা তিৰুপতি দেৱস্থানম। উত্তৰ-পূবত শ্রীভেংকটাশ্বৰ স্বামীৰ আধ্যাত্মিক পদচিহ্ন সম্প্ৰসাৰণৰ উদ্দেশ্যে তিৰুপতি ব’ৰ্ডে ৰাজ্যৰ ৰাজধানী মহানগৰত শ্রীভেংকটাশ্বৰ মন্দিৰ নিৰ্মাণ কৰিবলৈ বিচাৰিছে।
ব’ৰ্ডৰ এই আবেদনলৈ মুখ্যমন্ত্রীয়ে পূর্ণ সমর্থন জনোৱা বুলি প্রকাশ কৰিছে তিৰুপতি ব’ৰ্ডৰ অধ্যক্ষ ডি আৰ নাইডুৱে। এই মন্দিৰ নিৰ্মাণৰ বাবে ভূমি আবণ্টনৰ প্রতিশ্রুতি মুখ্যমন্ত্ৰীৰ পৰা পোৱা বুলিও তিৰুপতি ব’ৰ্ডৰ অধ্যক্ষ নাইডুৱে সদৰী কৰিছে। মুখ্যমন্ত্রী ড: শৰ্মাই লগতে অন্ধ্র প্রদেশৰ মুখ্যমন্ত্রী এন চন্দ্রবাবু নাইডুৰ নেতৃত্বাধীন তিৰুপতি ব’র্ডে গ্রহণ কৰা এই পদক্ষেপক প্রশংসা কৰে।
গুৱাহাটীৰ এই প্ৰস্তাৱিত শ্রীভৰি মন্দিৰ এক চমৎকাৰ আধ্যাত্মিক কেন্দ্ৰত পৰিণত হ’ব আৰু ইয়ে সমগ্র অঞ্চলটোত হিন্দু ধর্ম, সংস্কৃতি আৰু পৰম্পৰাৰ উত্তৰণ সাধন কৰিব বুলিও মুখ্যমন্ত্রীয়ে আশা প্রকাশ কৰে। অসমৰ চহকী ধর্মীয় ঐতিহ্য তুলি ধৰি মুখ্যমন্ত্ৰীয়ে শক্তিপীঠ কামাখ্যা ধামৰ আধ্যাত্মিক তাৎপর্যও ব্যাখ্যা কৰে। তেওঁ আশা প্রকাশ কৰে যে গুৱাহাটীৰ শ্রীভৰি মন্দিৰ সমগ্ৰ উত্তৰ-পূবৰ ভক্তসকলৰ বাবে ভক্তি আৰু একতাৰ আলোকত পৰিণত হ’ব।
সূত্ৰই জনোৱা মতে, গুৱাহাটীত নিৰ্মাণৰ আঁচনি লোৱা শ্রীভৰি মন্দিৰৰ নক্সা প্রস্তুত আৰু পৰিকল্পনা তিৰুপতি ব’ৰ্ডে চূড়ান্ত কৰিব। লগতে অসম চৰকাৰৰ স’তে সহযোগিতাৰে মন্দিৰৰ ব্যৱস্থাপনাও ব’র্ডে কৰাৰ সম্ভাৱনা আছে। এই প্ৰস্তাৱিত মন্দিৰ নির্মাণে উত্তৰ-পূবত ধর্মীয় আৰু সাংস্কৃতিক বুজাপৰা অধিক শক্তিশালী কৰিব বুলি আশা প্রকাশ কৰা হৈছে।
উল্লেখ্য যে যোৱা বছৰৰ ডিচেম্বৰত তিষ্পতি ব’ৰ্ডে বিশ্বজুৰি ইয়াৰ সম্প্ৰসাৰণ তদাৰকৰ বাবে এখন বিশেষজ্ঞ সমিতি গঠন কৰে। পাছত যোৱা মাৰ্চত ব’র্ডে বিভিন্ন ৰাজাৰ ৰাজধানী সমূহত শ্রীভৰি মন্দিৰ নিৰ্মাণৰ বাবে সংশ্লিষ্ট মুখ্যমন্ত্রীসকললৈ আবেদনপত্র প্ৰেৰণ কৰে। এই ৰাজ্যসমূহৰ ৰাজধানী চহৰৰ মূল স্থানত মন্দিৰ নিৰ্মাণৰ উদ্দেশ্যে অন্ততঃ ১০ একৰকৈ ভূমি বিচাৰিছে।
মুখ্যমন্ত্রীসকললৈ প্ৰেৰণ কৰা আবেদনত ব’র্ডে অঞ্চলগত উন্নয়নৰ ক্ষেত্রত মন্দিৰ পৰ্যটন আৰু আধ্যাত্মিক স্থান উপলব্ধতাত গুৰুত্ব আৰোপ কৰিছে। সুত্রই প্রকাশ কৰা অনুসৰি দেশ-বিদেশ বিভিন্ন স্থানত মন্দিৰ নিৰ্মাণৰ উদ্দেশ্যে তিৰুপতি ব’র্ডে ৫,২৫৮ কোটি টকা আছুতীয়াকৈ ৰাখিছে। বিভিন্ন দেশত মন্দির নির্মাণ সম্ভৱ হ’ব নে নহয়, সেয়া মূল্যায়নৰ বাবে ব’র্ডে এখন উপ-সমিতি গঠন কৰে। পূৰ্বৰ বিশেষজ্ঞ সমিতিৰ পৰামৰ্শাৱলীৰ ভিত্তিত ব’র্ডে এই উপ-সমিতি গঠন কৰে।






























