কৰ’নাৰ নেতিবাচক প্ৰভাৱত এইবাৰ কৰ্মসংস্থাপন হেৰুৱাবলগীয়া হৈছে মন্দিৰৰ বিভিন্ন কামৰে জড়িত একাংশ কৰ্মীয়েও । দেশৰ ভিতৰতে সবাতোকৈ অভিজাত মন্দিৰ ৰূপে পৰিচিত তিৰুপতি বালাজী মন্দিৰতে সংঘটিত হৈছে এই অভাৱনীয় ঘটনা । অন্ধ্ৰ প্ৰদেশৰ তিৰুপতিস্থিত এই মন্দিৰৰ পৰা এজন-দুজন নহয়, একলগে ১৩০০ৰো অধিক কৰ্মীক কামৰ পৰা অব্যাহতি দিয়া হৈছে । ঐশ্বৰ্যশালী তিৰুপতি বালাজী মন্দিৰো তলাবন্ধৰ বাবে মাৰ্চৰ মাজ ভাগৰে পৰা বন্ধ হৈ আছে । দর্শনাৰ্থীয়ে মন্দিৰত প্ৰৱেশ কৰিব নোৱাৰাত স্বাভাৱিকতে অভাৱনীয়ভাবে হ্ৰাস পাইছে আয় । তিৰুপতি মন্দিৰত দৰ্শনাৰ্থী নোহোৱা হৈ পৰাত দৈনন্দিন কাম-কাজবিলাকো নোহোৱা হৈ পৰিছে ।
বিশেষকৈ মন্দিৰৰ চাফাই আৰু অভ্যৰ্থনাৰে জড়িত কৰ্মীসকলৰ যোৱা দিনকেইটাত বিশেষ কৰিবলগীয়া নথকাত এই কামৰে জড়িত ১৩০০ৰো অধিক কৰ্মীক যোৱা পহিলা মে’ৰ পৰাই কামৰ পৰা অব্যাহতি দিয়া হৈছে । ঠিকা ভিত্তিত কাম কৰি থকা এই বৃহৎ সংখ্যক কর্মীৰে মন্দিৰ কৰ্তৃপক্ষৰ চুক্তিৰ সময়সীমা যোৱা ৩০এপ্ৰিলতে সমাপ্ত হৈছিল । মন্দিৰ কৰ্তৃপক্ষই এই কৰ্মীসকলক নতুনকৈ আৰু চুক্তি নৱীকৰণ কৰিব বিচৰা নাই । কাম হেৰুওৱা কৰ্মীসকলক তলাবন্ধৰ সময়ছোৱাত পুনৰ আৰু মন্দিৰলৈ আহিব নালাগে বুলিও মন্দিৰ কৰ্তৃপক্ষৰ পৰা জনোৱা হৈছে । তিৰুপতি বালাজী মন্দিৰ ন্যাস ব’ৰ্ডৰ অধ্যক্ষ ৱাই ভি চুব্বা ৰেড্ডীয়ে জনোৱা অনুসৰি বিভিন্ন সংস্থাৰ জৰিয়তে মন্দিৰৰ কৰ্মীসকলক নিয়োগ কৰা হয় । এই সংস্থাবিলাককো কৰ্মীসকলক অব্যাহতি দিয়াৰ কথা জনাই দিয়া হৈছে । লগতে এই কথাও জনাই দিয়া হৈছে যে কাম হেৰুওৱা কৰ্মীসকলৰ মানৱীয় দিশটোৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হ’ব ।
ADVERTISEMENT