ULFI(I):
থলগিৰি জনগণৰ ন্যায্য অধিকাৰ প্ৰাপ্তিৰ যুঁজত হোৱা ছহিদ আৰু স্বদেশানুৰাগৰ চেতনা অপৰাধ হ’ব নোৱাৰে বুলি আলফা (স্বাধীন) ই মন্তব্য কৰে। তেনে চেতনা প্রকাশ কৰা লোকক আলফা (স্বাঃ)ৰ সদস্য অথবা যোগাযোগকাৰী সজাই অসম গ্ৰেপ্তাৰ কৰা কাৰ্যক আজি সংগঠনটোৱে গৰিহণা দিয়ে। এক বিবৃতিত সংগঠনটোৰ সহকাৰী প্ৰচাৰ
সম্পাদক ঈশান অসমে এক উদাহৰণ হিচাপে শেহতীয়াকৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জাতীয় দল অসমৰ সাধাৰণ সম্পাদক প্ৰণৱজ্যোতি চেতিয়াৰ উদাহৰণ দাঙি ধৰি কয়, ‘যিখন সংগ্ৰামৰ জৰিয়তে থলগিৰি জনগণৰ ন্যায্য অধিকাৰ প্ৰাপ্তি আৰু তাক পুনৰ প্ৰতিষ্ঠাৰ বাবে হেজাৰ হেজাৰ ডেকা-গাভৰু, আবাল বৃদ্ধ-বনিতাই কলিজাৰ কেঁচা তেজেৰে ওপজা মাটিত বুটা বাচি থৈ গ’ল, প্রকৃত থলগিৰিৰ হৃদয়ত সেইখন সংগ্ৰাম আৰু অমৰ মৃতকসকলৰ প্ৰতি শ্ৰদ্ধাৰ লগতে স্বদেশানুৰাগৰ চেতনা অনন্ত কাললৈ থাকিব।
এই চেতনা কোনো অপৰাধ হ’ব নোৱাৰে। প্রকৃত থলগিৰিৰ স্বদেশানুৰাগ, আবেগ-অনুভূতি আৰু চেতনাৰ বহিঃপ্রকাশ হোৱাটো কোনো কাৰণতে বেআইনী আৰু দণ্ডনীয় নহয়।’ এই প্রসংগতে ধৃত চেতিয়াক আলফা (স্বাঃ) ৰ সদস্য অথবা যোগাযোগকাৰী সজোৱাৰ একাংশই অপচেষ্টা চলাইছে বুলি বিবৃতিটোত উল্লেখ কৰি তেনে কার্য নিন্দনীয় আৰু দুৰ্ভাগ্যজনক বুলি সংগঠনটোৱে মন্ত্রব্য কৰে।






























