Rengma Eviction:✒️ৰাজ্যৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান বুলি চিহ্নিত চলিত ৰেংমা বনাঞ্চলৰ বেদখল উচ্ছেদ পৰা অভিযানৰ প্ৰথম পৰ্যায়ৰ কালি সামৰণি পৰে। যোৱা ২৯ জুলাইত বনাঞ্চলখনৰ বেদখলীকৃত ভূমিত আৰম্ভ হোৱা এই উচ্ছেদ অভিযানৰ সময়ত বিগত পাঁচদিনত চাৰি হেজাৰৰো অধিক অবৈধ আন্তঃগাঁথনি ভাঙি পেলোৱা হয়।
এনেদৰে আজিলৈ বনাঞ্চলখনৰ ৮,৯০০ বিঘা মাটি বেদখলকাৰীসকলৰ কবলৰ পৰা পুনৰুদ্ধাৰ কৰা হৈছে বুলি বন বিভাগৰ বিশেষ মুখ্য সচিব এম কে যাদৱে সদৰী কৰিছে। এখন সংবাদমেলত যাদবে কয়, ‘ইতিমধ্যে আমি ১০ হেজাৰ বিঘা বনভূমি বেদখলমুক্ত কৰিবলৈ সক্ষম হৈছো। চাৰি হেজাৰটা অবৈধভাৱে নিৰ্মাণ কৰা ঘৰ ভাঙি পেলোৱা হ’ল।’
ৰেংমা বনাঞ্চলত চলা এই পাঁচদিনীয়া অভিযানৰ সময়ত বনাঞ্চলখনৰ অন্তৰ্গত বিদ্যাপুৰ, পিঠাঘাট, সোণাৰিবিল, দয়ালপুৰ, দলনীপথাৰ, খেৰবাৰী, আনন্দপুৰ, মধুপুৰ আদিৰ বেদখলীকৃত ভূমি পুনৰুদ্ধাৰ কৰা হয়। চৰকাৰী উচ্ছেদকাৰী বাহিনীয়ে বুলড’জাৰৰে ভাঙি পেলোৱা ঘৰসমূহৰ মাজত চাৰি শতাধিক দুমহলীয়া অট্টালিকাও আছিল।
বিশেষ মুখ্য সচিব যাদৱে লগতে কয় যে বনাঞ্চলখনৰ বেদখলমুক্ত অঞ্চলসমূহক লৈ চৰকাৰৰ পৰিকল্পনাৰ বিষয়ে পৰৱৰ্তী সময়ত সদৰী কৰা হ’ব। এই উচ্ছেদ অভিযান বিভিন্ন চৰকাৰী বিভাগৰ মাজত সুসমন্বয়ৰে চলোৱা হৈছে বুলি সংবাদমেলত জিলা আয়ুক্ত পুলক মহন্তই প্রকাশ কৰে।
সংবাদমেলত সৰুপথাৰৰ বিধায়ক বিশ্বজিত ফুকনে কয় যে কাইলৈ দক্ষিণ নামবৰ সংৰক্ষিত বনাঞ্চলখনৰ বিশেষকৈ তিনি নম্বৰ গেলাজান আৰু ৰাজাপুখুৰী অঞ্চলক লক্ষ্য কৰি উচ্ছেদ অভিযান চলোৱা হ’ব।
বিধায়কজনে ইংগিত দিয়ে যে বনাঞ্চলৰ বেদখলীকৃত ভূমি সম্পূৰ্ণৰূপে উদ্ধাৰৰ পাছত তাত ভৱিষ্যতে পৰিৱেশ পৰ্যটন ব্যৱস্থা হ’ব। সংবাদমেলত বিশেষ মুখ্য সচিব যাদৱে জনায় যে আজি প্রতিকূল বতৰৰ বাবে জৰীপ সম্পূৰ্ণ নহ’ল।
আজি গেলাজান আৰু ৰজাপুখুৰীত উচ্ছেদ অভিযান চলিব বুলিও তেৱোঁ সদৰী কৰে। এই উচ্ছেদ অভিযান শান্তিপূর্ণভাৱে অতিবাহিত হোৱাত বিভিন্ন পক্ষই সন্তুষ্টি প্রকাশ কৰিছে।
নেঘেৰীবিলৰ উচ্ছেদ অভিযানৰ প্ৰত্যাহ্বান জনাই ন্যায়ালয়ৰ দ্বাৰস্থ ৬০ ঘৰ পৰিয়াল
দুই নম্বৰ নেঘেৰীবিলৰ প্ৰস্তাৱিত উচ্ছেদ অভিযানক প্রত্যাহ্বান জনাই কমেও ৬০ ঘৰ পৰিয়াল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। এই পৰিয়ালসমূহৰ আবেদনৰ ভিত্তিত অহা সাত আগষ্টলৈকে অঞ্চলটোত উচ্ছেদত ন্যায়ালয়ে স্থগিতাদেশ আৰোপ কৰিছে।
ইয়াৰ পৰিপ্ৰেক্ষিতত চৰকাৰে অহা সাত আগষ্টলৈকে এইসকল বেদখলকাৰীক ৰেহাই দিছে। তাৰ পাছদিনা অর্থাৎ অহা আঠ আগষ্টৰ পৰা নেঘেৰীবিলত উচ্ছেদৰ সম্ভাৱনা ব্যক্ত কৰে বন বিভাগৰ বিশেষ মুখ্য সচিব যাদবে। তেওঁ কয়, ‘আমি আঠ আগষ্টৰ পুৱাৰ পৰা নেঘেৰীবিলত উচ্ছেদ অভিযানৰ পৰিকল্পনা কৰিছো। তাত ২০৫ ঘৰ (বেদখলকাৰী) আছে।’
উল্লেখ্য যে এই বেদখলীকৃত অঞ্চল দৈয়াং সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত। বিশেষ মুখ্য সচিব যাদৱে জনোৱা মতে, জিলাখনৰ বাকী থকা বেদখলীকৃত অঞ্চলসমূহৰ মূল্যায়ন আৰু পৰৱৰ্তী পৰ্যায়ৰ কাৰ্যসূচী প্রস্তুত কৰাৰ বাবে একাধিক অঞ্চলত ইতিমধ্যে বিশদ ভূমি জৰীপ কাৰ্য আৰম্ভ হৈছে।






























