Passed away: ✒️চি পি আই (এম) দলৰ বঙাইগাঁও আঞ্চলিক সমিতিৰ প্ৰাক্তন সম্পাদক তথা বেংক এমপ্লইজ ফেডাৰেচন অব ইণ্ডিয়াৰ কেন্দ্ৰীয় সমিতিৰ সদস্য সঞ্জীৱ দেৱৰ কালি কলকতাৰ চিত্তৰঞ্জন কৰ্কট প্ৰতিষ্ঠানত চিকিৎসাধীন অৱস্থাত সন্ধিয়া ৭-৩০ মান বজাত মৃত্যু হয়।
মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৪ বছৰ। বঙাইগাঁও চহৰৰ মেইন ৰোডৰ ৪ নং ৱাৰ্ডৰ বাসিন্দা প্ৰয়াত দেৱৰ অঞ্চলটোৰ প্ৰায় সকলো শ্ৰেণীৰ মানুহৰ স’তে সম্পৰ্ক আছিল।
এগৰাকী সুবক্তা, সৎ, নিৰ্ভীক, নীতিনিষ্ঠ আদৰ্শত বিশ্বাসী প্ৰয়াত দেৱ কেৱল বাওঁপন্থী নেতাই নাছিল, বঙাইগাঁও ৰে’লৱে ষ্টেচনৰ ওপৰেৰে পদদলং নিৰ্মাণ, বঙাইগাঁও পাগলাস্থানৰ পৰা ডাংতললৈ থকা বিধ্বস্ত ৰে’লপথৰ পথছোৱা পুনৰ নিৰ্মাণৰ দাবীত তথা বঙাইগাঁও পৌৰসভাই কিছু বছৰ পূৰ্বে নাগৰিকৰ সম্পত্তিৰ ওপৰত অস্বাভাৱিক কৰ বৃদ্ধি কৰাৰ প্ৰতিবাদত গঢ়ি তোলা আন্দোলনৰ জৰিয়তে সমগ্ৰ অঞ্চলটোতে এগৰাকী জনপ্ৰিয় বাওঁপন্থী নেতা হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল।
১৯৮৩ চনত বঙাইগাঁও মহাবিদ্যালয়ৰ পৰা ইংৰাজীত সন্মান সহকাৰে স্নাতক ডিগ্ৰী লাভ কৰি পোণতে তদানীন্তন প্ৰাগজ্যোতিষ গাঁওলীয়া বেংকৰ কৰ্মচাৰী হিচাপে কৰ্মজীৱন আৰম্ভ কৰি পাছত ইউকো বেংকত যোগদান কৰে আৰু তাৰ মাজেদি ট্ৰেড ইউনিয়নৰ আন্দোলনত জড়িত হৈ পৰৱৰ্তী সময়ত বেংক এমপ্লইজ ফেডাৰেচন অব ইণ্ডিয়াৰ কেন্দ্ৰীয় কমিটিৰ সমস্য হিচাপে জনপ্ৰিয় নেতা হিচাপে পৰিচিত হয়।
কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণৰ পিছতে চি পি আই (এম) দলৰ আঞ্চলিক সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে। মৃত্যুৰ সময়ত তেওঁ পত্নী দোলা দেৱ আৰু একমাত্ৰ বিবাহিতা কন্যা দূৰ্বা দেৱক এৰি থৈ যায়।
মৃত্যুৰ পূৰ্বে ইলোৰা বিজ্ঞান মঞ্চৰ জৰিয়তে শেষ ইচ্ছা প্ৰকাশ কৰা অনুসাৰে কালিয়ে তেওঁৰ নেত্ৰযুৰি কলকতাৰ এখন চৰকাৰী নেত্ৰালয়ত দান কৰা হয় আৰু কাইলৈ বৰানগৰ সাগৰ দত্ত মেডিকেল কলেজ এণ্ড হস্পিতালত দেহদান কাৰ্য সমাধা হ’ব। প্ৰয়াত দেৱৰ মৃত্যুত আজি চি পি আই (এম) দলৰ কাৰ্যালয়ত সভ্য-সমৰ্থকসকল সমবেত হৈ হৰেশ্বৰ দাসৰ সভাপতিত্বত এখন শোকসভাত মিলিত হয়। আৰু মৃতকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এক মিনিট সময় নীৰৱতা পালন কৰে।






























