এনিশাতে লাখ লাখ টকাৰ লেনদেনৰে নাৰীদেহ ব্যৱসায়ৰ বৃহৎ ঘাটি উদ্ধাৰ মহানগৰীত

IMG 20250806 092416

গুৱাহাটীত নাৰীদেহ ব্যৱসায়ৰ সংগঠিত ৰূপৰ ভয়ংকৰ কাণ্ড পোহৰলৈ আহিছে। বশিষ্ঠ আৰক্ষী থানাৰ অধীনৰ জয়ানগৰস্থিত ‘বাপ্তিজ ইন’ এটা ল’জৰ আঁত ধৰি উন্মোচিত হৈছে এই উদ্বেগজনক আৰু বৃহৎ পৰিসৰৰ এখন অনৈতিক বজাৰৰ ক্ষেত্ৰ।

এই অনৈতিক কাণ্ডৰে জড়িত তিনিগৰাকী যুৱতী আৰু এজন লোকক মঙলবাৰে সন্ধিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ধৃত লোকজন হ’ল ল’জটোৰ স্বত্বাধিকাৰী বাপ্তি হাজৰিকা। গহপুৰৰ বাসিন্দা লোকজনৰ লগতে গ্ৰেপ্তাৰ কৰা যুৱতীকেইগৰাকীৰ নাম জোনালী চৌখাম, ৰিতুমণি গোহাঁই ৰাভা আৰু ৰিয়া দাস বুলি গুৱাহাটী পূব আৰক্ষী জিলাৰ উপ-আয়ুক্ত মৃণাল ডেকাই সদৰী কৰে।

তদুপৰি দেহ ব্যৱসায়ত লিপ্ত কৰোৱা আন তিনিগৰাকী যুৱতীকো উদ্ধাৰ কৰা হয়। আৰক্ষীৰ তথ্যতে প্রকাশ যে বিগত আঠ মাহ ধৰি এই ল’জটোত নাৰীদেহৰ ব্যৱসায় চলি আহিছিল। এই ল’জটোৰ লগত গুৱাহাটীৰ আন কে’বাটাও ল’জৰ যোগসূত্ৰ আৰক্ষীয়ে বিচাৰি পাইছে আৰু সেইবোৰতো একে কাণ্ডই চলি আহিছে।

গ্ৰাহকৰ ইচ্ছানুসৰি যোগাযোগকাৰীয়ে ল’জ ঠিক কৰি দিয়ে আৰু এই গোটেই প্রক্রিয়াটোৰ এই পৰ্যন্ত উদ্ধাৰ হোৱা তথ্য অনুসৰি, বাপ্তিজ ল’জৰ পৰাই সকলোবোৰ নিয়ন্ত্রণ হয়। বহু গ্রাহকক আকৌ তেওঁলোকে নিজে নিৰ্বাচন কৰা স্থানলৈ বাপ্তি ল’জৰ মাধ্যমৰেই যুৱতী প্ৰেৰণ কৰা হয়। এই সকলো প্ৰক্ৰিয়াৰ বাবে ভিন ভিন মূল্য নির্ধাৰণ কৰা হয়।

এনেদৰে নাৰীদেহৰ বৃহৎ ব্যৱসায়ক লৈ লেনদেন হৈ আহিছে লাখ লাখ টকা। ব্যক্তিগত যোগাযোগ, হোৱাটছএপ, অনলাইন সকলো ব্যৱস্থাৰে গ্রাহকক ল’জ কর্তৃপক্ষই যুৱতী যোগান ধৰাৰ তথ্যও উন্মোচিত হৈছে। লক্ষ্যণীয় দিশটো হ’ল যে গুৱাহাটীৰ মাজমজিয়াতে এনেদৰে দীর্ঘদিনৰ পৰা এনে এক বৃহৎ অনৈতিক কার্য চলি আহিছিল যদিও ইমানদিনে তাৰ ভূকে পোৱা নাছিল আৰক্ষীয়ে।

শেহতীয়াকৈ এটা বিশেষ অডিঅ’ ৰেকর্ডিং কিছুসংখ্যক লোকৰ হাতত পৰে। তাৰ আঁত ধৰি আৰক্ষীয়ে চলোৱা অভিযানতহে আজি এনেবোৰ তথ্য পোহৰলৈ আহে।

আৰক্ষী সূত্ৰই জনোৱা মতে, বাপ্তি হাজৰিকাৰ বিৰুদ্ধে পূৰ্বৰে পৰা এনে অনৈতিক কার্যত জড়িতৰ অভিযোগ আছে। বাপ্তিজ ইন নামৰ ল’জটো এটা এপার্টমেন্টৰ দুটা ফ্লেট ভাড়াত লৈ স্থাপন কৰা হৈছিল; কিন্তু ল’জৰ যি উদ্দেশ্য তাক গোপন কৰি ফ্লেট দুটা নাৰীদেহ ব্যৱসায়ৰহে ঘাটিৰূপে গঢ়ি তোলে।

মানুহক দেখুৱাবলৈ মাজে সময়ে দুই-এজন গ্রাহক ল’জত ৰখা হয়। যিহেতু নিয়ম অনুসৰি, ল’জ বা হোটেলৰ পঞ্জীয়ন বহীৰ তথ্য আৰক্ষীক দিব লাগে, সেয়েহে সাধাৰণ গ্রাহককো মাজে-সময়ে ৰখা হৈছিল। মূল ব্যৱয়ায় আছিল কেৱল নাৰীদেহৰ।

কিদৰে গ্ৰাহক-যুৱতী সংগ্ৰহ কৰা হয়

গ্রাহক সংগ্ৰহ কৰিবলৈ বহু এজেন্ট নিয়োগ কৰিছিল বাপ্তি হাজৰিকাই। মঙলবাৰে যি তিনিগৰাকী যুৱতীক গ্ৰেপ্তাৰ কৰা হয়, তেওঁলোকো এজেন্ট। তদুপৰি তেওঁলোকে নিজেও তেনে কার্যত প্রত্যক্ষভাবে লিপ্ত হয়। এনে এজেণ্টৰ জৰিয়তে গ্ৰাহকৰ যোগাযোগ স্থাপন হয়।

প্রধানকৈ হোৱাটছএপ আৰু অনলাইনতে যোগাযোগবোৰ চলে। এজেণ্টৰ লগত যোগাযোগ কৰাৰ পাছত গ্রাহকলৈ যুৱতীৰ আলোকচিত্ৰ প্ৰেৰণ কৰা হয়। সমান্তৰালভাৱে কোনগৰাকী যুৱতীৰ কিমান দাম সেয়াও নির্ধাৰণ কৰা থাকে। আনকি যুৱতীৰ ভিডিঅ’ পর্যন্তও গ্রাহকক যোগান ধৰা হয়।

নির্দিষ্ট যুৱতীক গ্রাহকে পছন্দ কৰাৰ পাছত তেওঁলোকে ক’ত নৈশযাপন কৰিব, সেয়া থিৰাং কৰা হয়। যদিহে বাপ্তিজ ল’জতে গ্রাহকে নৈশযাপন কৰিব বিচাৰে, তেন্তে পৰিশোধ কৰিবলগীয়া ধনৰ পৰিমাণ কম হয়। যুৱতীক গ্রাহকে ঘৰ বা অন্য হোটেল-ল’জলৈ নিব বিচাৰিলে ধনৰ পৰিমাণ অধিক হয়।

আকৌ এগৰাকী যুৱতীৰ লগত গ্ৰাহকজনে গোটেই নিশাটো কটাব নে কিছু মুহূর্ত কটাব, তাৰ ওপৰত নিৰ্ভৰ কৰিও মূল্য নির্ধাৰণ হয়। পাঁচ হেজাৰৰ পৰা ৩০-৪০ হেজাৰ টকা পর্যন্ত এনিশাত এজন গ্ৰাহকৰ বিপৰীতে বাপ্তিজ ল’জে লাভ কৰাৰ তথ্যও উদ্ধাৰ হৈছে। এনিশাৰ সময়সীমা নিশা আঠ বজাৰ পৰা পুৱা ছয় বজালৈ ধাৰ্য কৰা হয়।

এই ব্যৱসায়ত নিয়োগ কৰা যুৱতীক কিদৰে সংগ্ৰহ কৰা হয়, ইয়াৰো তদন্ত অব্যাহত আছে। মঙলবাৰে যি তিনিগৰাকী যুৱতীক উদ্ধাৰ কৰা হয়, তেওঁলোকৰ বয়স ২০-২৮ বছৰৰ ভিতৰত। এনে বয়সৰ যুৱতীকেই এই চক্রটোৱে দেহ ব্যৱসায়ত নিয়োগ কৰি আহিছে।

অদ্যাপি পোহৰলৈ অহা তথ্য অনুসৰি, মূলতঃ গুৱাহাটীৰ বাহিৰৰ পৰা আহি মহানগৰীত উপার্জন অথবা আন উদ্দেশ্যত থকা যুৱতীকে এই চক্ৰটোৱে এনে কার্যত ব্যৱহাৰ কৰি আহিছে। ইয়াৰে বহুতকে সংস্থাপন দিয়াৰ প্রলোভনৰে মাতি নিয়া হয়। তাৰ পাছত তেওঁলোকক ভয়-ভাবুকি আৰু ব্লেকমেইলিঙৰে এই অনৈতিক তথা বেআইনী কার্যত লিপ্ত হ’বলৈ হেঁচা প্রয়োগ কৰে।

একাংশ যুৱতীয়ে আকৌ সহজলভ্য ধনৰ প্রলোভনত নিজেই এনে কার্যত লিপ্ত হ’বলৈ আগবাঢ়ি যোৱাৰো অভিযোগ আছে। গতিকে এনে ধৰণে দেহ ব্যৱসায়ত লিপ্ত কৰোৱা যুৱতীৰ এটা বৃহৎ চক্র গঢ়ি তুলিবলৈ সক্ষম হৈছিল। এই যুৱতীসকলে গুৱাহাটীৰ বিভিন্ন স্থানত বাস কৰে। তেওঁলোকক প্রয়োজন সাপেক্ষে বাস কৰা স্থানৰ পৰা গ্ৰাহকৰ ওচৰলৈ লৈ যোৱাৰো ব্যৱস্থা কৰা হয়। এই দায়িত্ব ল’জ কর্তৃপক্ষই বহন কৰে।

অসুস্থ যুৱতীক চিকিৎসা ব্যক্তিগত চিকিৎসালয়ত

আৰক্ষীয়ে মঙলবাৰে অভিযানত আন আন তথ্যৰ লগতে গুৱাহাটীৰ একাধিক ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ বিশেষ যোগসূত্রও উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। অসুস্থ হৈ পৰা যুৱতীক তেনে চিকিৎসালয়ত বাপ্তিজ ল’জ কর্তৃপক্ষই চিকিৎসা ব্যৱস্থা কৰি দিয়ে।

চিকিৎসা ল’জ কর্তৃপক্ষই বহন কৰি আহিছে। মহানগৰীৰ মেট্র’ নামৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ তথ্য এই প্ৰসংগতে উদ্ধাৰ হৈছে।

Exit mobile version