Akhil’s mother meets Shringhal Chaliha:
চিকিৎসাধীন হৈ থকা বিধায়ক অখিল গগৈৰ মাতৃৰ স্বাস্থ্যৰ বুজ ল’লে বীৰ লাচিত সেনাৰ জ্যেষ্ঠ নেতা শৃংখল চলিহাই ৷ মাতৃ গৰাকীৰ স’তে মতবিনিময় কৰে চলিহাই ৷ শৃংখলক দেখি অখিল গগৈৰ মাতৃয়ে ক’লে, ‘শৃংখল তয়ও কম নহয়, আমাৰটোও কম নহয়’। ‘কিয় লাগি থাক দুয়োটাই ?’৷
ADVERTISEMENT
উল্লেখ্য যে, বিগত বিধানসভা নিৰ্বাচনত অখিল গগৈ কাৰাৰুদ্ধ হৈ থকা অৱস্থাতে শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বীতা কৰিছিল গগৈ ৷ সেই সময়ত শৃংখল চলিহাই অখিল মাতৃৰ স’তে নিৰ্বাচনী প্ৰচাৰাভিযানত জপিয়াই পৰিছিল ৷ কিন্ত শেহতীয়াকৈ অখিল আৰু শৃংখলৰ মাজত বৃদ্ধি পাই ব্যৱধান ৷ দুয়ো মতাদৰ্শ অমিলৰ বাবেই বিপৰীত মেৰুত অৱস্থান দুই নেতাৰ ৷





























