Moral Policing Incident In Panbazar:
মহানগৰীৰ পাবজাৰত ভয়ংকৰ মৰেল পুলিচিঙৰ ঘটনা ৷ চোৰৰ সন্দেহ এজন ৰিক্সাচালক সহ দুজন লোকক ৰাজপথত পেলাই লৈ গুৰুলা-গুৰুলকৈ প্ৰহাৰ একাংশ উদণ্ডলোকৰ ৷ মুমুষ অৱস্থাত ৰিক্সাচালক জনক পেলাই দিয়ে নলাত ৷ আনজন ৰাজপথতে পৰি থাকে।
ADVERTISEMENT
পিছত পানবজাৰ আৰক্ষী উপস্থিত হৈ দুয়োজনকে জিএমচিএইছত ভৰ্তি কৰে যদিও ৰিক্সাচালকজনে কৰুণ মৃত্যুক সাবটি লয় ৷ মৰ্মান্তিক ঘটনাই জোকাৰি যায় মহানগৰী ৷ সচেতন মহলে আইন হাতত তুলি লোৱা উদণ্ড লোকসকলক গ্ৰেপ্তাৰ কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ দাবী কৰিছে।





























