Voyager-2:✒️:প্রায় ৪৮ বছৰৰ পূৰ্বে পৃথিৱী ত্যাগ কৰিছিল ভয়েজাৰ-১ নামৰ মহাকাশ যানখনে। সেইখনেই হৈছে মানুহে প্ৰেৰণ কৰা সবাতোকৈ দূৰগামী যান। নাছাৰ এই মহাকাশ যানখনে ১২ বছৰৰ পূৰ্বেই সূৰ্যৰ সংসাৰৰ বাহিৰলৈ ওলাই গৈছিল।
সেই মহাকাশ যানৰ দ্বিতীয় সংস্কৰণ ভয়েজাৰ-২ খনেও ২০১৮তে সৌৰজগতৰ সীমা অতিক্ৰম কৰি যায়; কিন্তু তাৰ পাছতো এই দুখন মহাকাশ যানৰ স’তে যোগাযোগৰ সূতাডাল ছিঙি যোৱা নাই। এইবাৰ জনা গ’ল যে ভয়েজাৰ-১ এনে এক জগতত উপস্থিত হৈছে, য’ত তাপমাত্রা আছে ৩০ হেজাৰৰ পৰা ৫০ হেজাৰ চেলছিয়াছৰ ভিতৰত।
অথচ তাত নাই কোনো জুইৰ উপস্থিতি। আমাৰ সৌৰজগতৰ একেবাৰে প্রান্তত আছে হেলিওপজ। ই এনে এক প্রান্ত য’ত বতাহেও শক্তি হেৰুৱাই পেলায়। সেই অঞ্চল পাৰ হৈ গ’লেই আৰম্ভ হয় ইণ্টাৰষ্টেলাৰ জগত। সেই অঞ্চলো পাৰ হৈ সম্প্ৰতি নিজৰ গতিৰেই আগবাঢ়ি গৈ আছে ভয়েজাৰ-১। এই মহাকাশ যান এই মুহূর্তত আছে ‘ফায়াৰৱাল’ত।
অৱশ্যে ইয়াৰ নামহে ‘ফায়াৰ’; কিন্তু জুইৰ কোণো কণিকাও নাই। তেনেহ’লে ইমান বিপুল তাপমাত্রা কেনেকৈ সৃষ্টি হ’ল বুলি স্বাভাৱিকতে প্রশ্ন উঠে। প্রাপ্ত তথ্য অনুসৰি, ইয়াত আচলতে আছে প্রচণ্ড এনার্জিসম্পন্ন কণা। এইবোৰ বিৰাট অঞ্চলজুৰি বিয়পি আছে। ইয়াতে প্রশ্ন আহে যে এই বিপুল তাপমাত্রাত ভয়েজাৰ-১ কিয় জুলি ছাই হোৱা নাই? ইয়াৰ অন্তৰালৰ কাৰণো একেটাই।
তাপমাত্রা যিমানেই বেছি নহওক কিয়, কণাসমূহৰ ঘনত্ব একেবাৰেই স্বল্প। অর্থাৎ তাপ বোৱাই লৈ যাব পৰা ক্ষমতা এই কণাসমূহৰ নাই। ফলত সেই তাপমাত্ৰাত ভয়েজাৰৰ গাত আছোৰ পৰ্যন্ত লগা নাই।
প্রসংগক্রমে, ভয়েজাৰ-১ আৰু ভয়েজাৰ-২ দুয়োখন যানতে আছে সোণৰ ৰেকৰ্ড। ১২ ইঞ্চিৰ এই ৰেকৰ্ডত আছে সৌৰজগতৰ মানচিত্র। আছে এক খণ্ড ইউৰেনিয়াম, যাৰ ভিতৰত আছে তেজস্ক্রিয় ঘড়ী। সেই ঘড়ীটো চালে ইয়াৰ উৎক্ষেপণৰ সময় গম পোৱা যাব। অৱশ্যে সম্প্ৰতি ভয়েজাৰৰ পাৱাৰ বেংকে চিৰকাললৈ কাম কৰাটো বন্ধ হোৱাৰ সময় সমাগত হৈছে। অৱশ্যে তাৰ পাছতো এই যানৰ যাত্রা অব্যাহত থাকিব।
আকাশীগংগা হাতীপটিৰ পেট ফালি ফালি আগুৱাই গৈ থাকিব মানুহে নিৰ্মাণ কৰা এই যানখনে। ২০৩৬ত এই যানখন মানুহৰ নিৰীক্ষণৰ একেবাৰে বাহিৰলৈ ওলাই যাব।






























