মাওবাদী বিৰোধী অভিযানত আন এক সফলতা, ঝাৰখণ্ডত নিহত মাওবাদী নেতা

Untitled 1 47

Jharkhand:✒️মাওবাদী বিৰোধী অভিযানত আন এক সফলতা। ঝাৰখণ্ডৰ চাইবাছত নিৰাপত্তাৰক্ষীৰ স’তে হোৱা বন্দুকৰ যুঁজত নিহত এজন মাওবাদী নেতা। ইয়াৰ লগতে ঘটনাস্থলীৰ পৰা উদ্ধাৰ হৈছে কেবাটাও আগ্নেয়াস্ত্ৰ। বুধবাৰে আৰক্ষীয়ে এই তথ্য প্ৰকাশ কৰে।

প্ৰাপ্ত তথ্য অনুসৰি,বুধবাৰে পুৱা গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰাৰ পাছত আৰক্ষী আৰু চি আৰ পি এফে চাইবাছৰ সৌতা বনাঞ্চলত যৌথ অভিযান চলায়।

কেবাজনো মাওবাদীয়ে অঞ্চলটোত আত্মগোপন কৰি থকাৰ তথ্য পোৱা যায়। সেই অনুসৰি অঞ্চলটোৰ চাৰিওফালে তালাচী আৰম্ভ কৰা হয়।

পিছুৱাই যাবলৈ ঠাই নোহোৱাত মাওবাদীয়ে নিৰাপত্তাৰক্ষীৰ ওপৰত গুলীচালনা আৰম্ভ কৰে। বাহিনীয়েও প্ৰত্যুত্তৰ দিয়ে। দুয়োপক্ষৰ মাজত দীৰ্ঘসময় বন্দুক যুঁজৰ অন্তত অৱশেষত এজন মাওবাদী নেতা নিহত হয়।

তদুপৰি তাৰ পৰা কেবাটাও আগ্নেয়াস্ত্ৰ উদ্ধাৰ কৰা হৈছে। অৱশ্যে সূত্ৰ অনুসৰি মাওবাদীৰ সন্ধানত এতিয়াও অভিযান অব্যাহত আছে।

Exit mobile version