Bhaskar Ratna ‘2025 Awards were presented to Tarali Sarma:
নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন বিশ্ববিদ্যালয়ত প্রাক্তন ছাত্র সম্মিলন অনুষ্ঠিত কৰা হয়। সন্মিলনত ২০২৩ৰ শ্রেষ্ঠ মহিলা নেপথ্য গায়িকা, ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত বিশিষ্ট কণ্ঠশিল্পী, সংগীত পৰিচালক তৰালী শৰ্মাক কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্র সম্মিলনীয়ে ‘ভাস্কৰ ৰত্ন বঁটা-২০২৫’ প্রদান কৰে।
কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন বিশ্ববিদ্যালয়ত আয়োজিত প্রাক্তন ছাত্র সম্মিলনীৰ উদ্যোগত আনুষ্ঠানিকভাৱে তৰালী শৰ্মাক প্ৰদান কৰে এই বঁটা। বঁটা প্রদান অনুষ্ঠানত উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক ‘আমাৰ অসম’ আৰু ‘এন কে টিভি’ৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামী, কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ লগতে ন-পুৰণি ছাত্র-ছাত্রী আৰু শিক্ষাগুৰুসকল।
প্রাক্তন ছাত্র সম্মিলনী অনুষ্ঠান উপলক্ষে প্রথমে বন্তি প্রজ্বলন কৰে বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ড° বিকাশ ভার্গৱ শৰ্মাই। ইয়াৰ পাছতে ‘ভাস্কৰ ৰত্ন বঁটা প্রদান’ অনুষ্ঠানত সভাপতিত্ব কৰে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্র সম্মিলনীৰ সভাপতি অৰিন্দম শৰ্মাই। অনুষ্ঠান উদ্বোধন কৰে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন বিশ্ববিদ্যালয়ৰ উপাচার্য প্রহ্লাদ আৰ যোশীয়ে ৷






























