Narendra Modi:✒️বছৰি দুই কোটি চাকৰিৰ প্রতিশ্রুতি দি ক্ষমতালৈ অহা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ শাসনত মাথোঁ পাঁচ বছৰত চাকৰি হেৰুৱালে লক্ষাধিক স্থায়ী কেন্দ্রীয় কৰ্মচাৰীয়ে। স্বয়ং সংসদত কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে এই তথ্য।
লোকসভাত এক প্রশ্নৰ লিখিত উত্তৰ দি যোৱা মঙলবাৰে কেন্দ্রীয় সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্রী বি এল বার্মাই জনায় যে ২০১৯-২০ৰ পৰা ২০২৪-২৫ পর্যন্ত এক লাখ ২০ হেজাৰ স্থায়ী কেন্দ্রীয় কৰ্মচাৰীয়ে চাকৰি হেৰুৱায়।
এই বৃহৎ সংখ্যক চৰকাৰী কৰ্মচাৰীয়ে চাকৰি হেৰুওৱাৰ কাৰণ হৈছে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ বিভিন্ন ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান (চিপিএছইউ)ৰ ব্যক্তিগতকৰণ। উল্লেখ্য যে ,চিপিএছইউসমূহ হ’ল কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ অথবা মালিকানাধীন বিভিন্ন সংস্থা।
কোনো সংস্থাৰ মূলধনৰ ৫১ শতাংশ বা ততোধিক অংশ কেন্দ্রীয় চৰকাৰৰ হাতত থাকিলে সেই সংস্থাক কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান (চিপিএছইউ) বুলি জনা যায়। তামিলনাডুৰ চিপিএম সাংসদ সচ্চিদানন্দনে যোৱা পাঁচ বছৰত কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ বেচৰকাৰীকৰণৰ ফলত কিমান কৰ্মচাৰীয়ে চাকৰি হেৰুৱাবলগীয়া হ’ল তাৰ তথ্য চৰকাৰৰ পৰা বিচাৰে।
সাংসদজনৰ এই প্ৰশ্নৰ লিখিত উত্তৰ দি মন্ত্রী বাৰ্মাই কয় যে বিগত পাঁচ বছৰত এই এক লাখ ২০ হেজাৰ স্থায়ী কৰ্মচাৰীয়ে চাকৰি হেৰুৱায়। মন্ত্রীজনে জনোৱা মতে, কেন্দ্রীয় ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ নিয়মীয়া কৰ্মচাৰীৰ সংখ্যা ২০১৯-২০ৰ ৯.২ লাখৰ পৰা হ্রাস পাই ২০২০-২১ত ৮.৬ লাখ হয়।
এই সংখ্যা ২০২১-২২ত ৮.৩৯ লাখলৈ হ্রাস পায়। পৰৱৰ্তী সময়ত ২০২৩-২৪ত কেন্দ্ৰীয় চৰকাৰৰ নিয়মীয়া কৰ্মচাৰীৰ সংখ্যা ৮.১২ লাখ হয়। সাংসদ সচ্চিদানন্দই অনুসূচিত জাতি-জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী (অ’বিচি) ৰ কিমান কৰ্মচাৰীয়ে চাকৰি হেৰুৱাইছে তাৰ তথ্যও চৰকাৰৰ পৰা জানিবলৈ বিচাৰে।
তেওঁৰ এই প্ৰশ্নৰ উত্তৰ দি চৰকাৰী পক্ষই জনায় যে অনুসূচিত জাতি-জনজাতিৰ কৰ্মচাৰীৰ সংখ্যাও হ্রাস পাইছে। অৱশ্যে অন্যান্য পিছপৰা শ্ৰেণীৰ কৰ্মচাৰীৰ সংখ্যা ১.৯৯ লক্ষৰ পৰা ২.১৩ লক্ষলৈ বৃদ্ধি পাইছে। আনহাতে, সময়ে সময়ে চলোৱা শ্রম বাহিনীৰ সমীক্ষাৰ প্ৰতিবেদন অনুসৰি বিগত ১৫ বছৰত ততোধিক সময়ত দেশত কর্মহীনৰ হাৰ আছিল পাঁচ শতাংশৰ অধিক।
এই বছৰকেইটাৰ ভিতৰত যোৱা ২০২২-২৩ৰ প্ৰতিবেদন অনুসৰি গড় বার্ষিক কর্মহীনৰ হাৰ ৩.২ শতাংশ হয়। ইপিনে, যোৱা বছৰৰ ১০ ডিচেম্বৰত ৰাজ্যসভাত এটা প্রশ্নৰ উত্তৰত কেন্দ্ৰই জনায় যে ২০১৪-১৫ৰ পৰা ২০২৪ৰ ডিচেম্বৰ পৰ্যন্ত বেচৰকাৰীকৰণসহ বিভিন্ন পদ্ধতি তথা পদক্ষেপৰ মাধ্যমৰে ৪,৩৬,৭৪৮ কোটি টকা চৰকাৰে আদায় কৰিছে।






























