Tejas jet engine:✒️৫০ শতাংশ শুল্কৰ বৃহৎ আঘাতৰ মাজতে আমেৰিকাৰ স’তে এক বৃহৎ চুক্তিৰ দিশে আগবাঢ়িছে ভাৰত। একাধিক প্ৰতিবেদনত দাবী কৰা হৈছে যে তেজছ বিমানখনৰ ইঞ্জিন ক্ৰয়ৰ বাবে আমেৰিকাৰ এটা কোম্পানীৰে এক বিলিয়ন ডলাৰৰ চুক্তি হ’ব।
এই চুক্তিৰ জৰিয়তে ভাৰতে LAC Mark 1A Tejas যুদ্ধ বিমানৰ বাবে 113 টা GE-404 ইঞ্জিন ক্ৰয় কৰিব।বায়ুসেনাত যুদ্ধ বিমানৰ অভাৱ পূৰণৰ বাবে নিৰ্দেশ দিয়া হৈছে ৮৩ খন এল চি এ মাৰ্ক ১এ যুদ্ধ বিমান।
চৰকাৰী মালিকানাধীন হিন্দুস্তান এৰ’নটিক্স লিমিটেডে এই যুঁজাৰু বিমানখন নিৰ্মাণৰ বাবে আমেৰিকাৰ এটা কোম্পানীৰ পৰা ৯৯টা জিই-৪০৪ ইঞ্জিন ক্ৰয়ৰ চুক্তিত স্বাক্ষৰ কৰিছে।
তদুপৰি আৰু ৯৭খন যুদ্ধ বিমানৰ বাবে ৬২ হেজাৰ কোটি টকাৰ ঠিকা প্ৰদান কৰা হৈছে।
ইয়াৰ বাবে প্ৰস্তুতি চলাবলৈ আমেৰিকাৰ কোম্পানী জি ইৰ স’তে ১১৩খন যুঁজাৰু বিমানৰ ইঞ্জিন ক্ৰয়ৰ বাবে নতুন চুক্তি স্বাক্ষৰ কৰা হৈছে।
প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি ১১৩টা ইঞ্জিনৰ আলোচনা সম্পূৰ্ণ হোৱাৰ উপক্ৰম হৈছে আৰু চলিত বৰ্ষৰ ছেপ্টেম্বৰৰ ভিতৰত চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে।
বায়ুসেনাৰ তথ্য অনুসৰি ২০২৯-৩০ চনৰ ভিতৰত এইচ এ এলে প্ৰথমটো বেচৰ ৮৩খন বিমান আৰু ২০৩৩-৩৪ চনৰ ভিতৰত ৯৭খন বিমান যোগান ধৰাৰ কথা।
এই বিমানসমূহ সময়মতে যোগান ধৰিবলৈ এইচ এ এল আমেৰিকান কোম্পানীটোৰ বিমানৰ ইঞ্জিনৰ ওপৰত নিৰ্ভৰশীল।
প্ৰাপ্ত তথ্য অনুসৰি, চুক্তি সম্পূৰ্ণ হোৱাৰ পাছত আমেৰিকাৰ কোম্পানী জিইয়ে প্ৰতিমাহে দুটা ইঞ্জিন যোগান ধৰিব। ২১২টা জিই-৪০৪ ইঞ্জিন কোনো পলম নকৰাকৈ অবিৰতভাৱে ডেলিভাৰী কৰাটো নিশ্চিত কৰাত হালে গুৰুত্ব আৰোপ কৰিছে।
ভাৰতীয় বায়ুসেনাত যুদ্ধ বিমানৰ নাটনি এক গুৰুতৰ সমস্যা। শেহতীয়াকৈ এই বিষয়ত হেলৰ বিৰুদ্ধে এয়াৰ চিফগৰাকীয়ে মাত মতা দেখা গৈছিল ।
ইফালে, ৬০ বছৰতকৈ অধিক সময় সেৱা আগবঢ়োৱাৰ পাছত ২৬ ছেপ্টেম্বৰত অৱসৰ লোৱা হৈছিল মিগ-২১।
এইচ এ এলৰ কাৰ্যবাহীসকলে অতীতৰ সকলো সমস্যা অতিক্ৰম কৰি দ্ৰুতগতিত যুঁজাৰু বিমান উৎপাদনৰ ওপৰত লক্ষ্য ৰাখিছে। আমেৰিকাৰ স’তে শুল্ক সংঘাতৰ মাজতে এতিয়া সেই লক্ষ্যৰ বাবে সাজু হৈছে এইচ এ এলে।






























