CM Vigilance Raid:
ৰাজ্যৰ অতিৰিক্ত কৰ আয়ুক্ত ছাকিল ছাদুল্লাক মহানগৰীৰ লখিমীনগৰৰ শুভম এনক্লেভত থকা নিজা ফ্লেটৰ পৰা আটক কৰে মুখ্যমন্ত্ৰী তদাৰকী কোষে । ছাদুল্লাৰ বাসগৃহৰ পৰা জব্দ কৰে বহু আপত্তিজনক নথি-পত্র ৷
উল্লেখ্য যে চি এম ভিজিলেঞ্চৰ এটা দলে বুধবাৰে পুৱা ৮ বজাৰ পৰা ৰাজ্যৰ অতিৰিক্ত কৰ আয়ুক্ত ছাকিল ছাদুল্লাৰ লখিমীনগৰৰ শুভম এনক্লেভৰ ব্লক ‘এ’ৰ তৃতীয় মহলাত থকা বাসগৃহত প্ৰায় ছঘণ্টা সময় ধৰি মাৰাথন অভিযান চলায় ।
অগাধ সম্পত্তিৰ গৰাকী ছাকিল ছাদুল্লাৰ বিৰুদ্ধে আয় বহির্ভূত সম্পত্তিৰ অভিযোগতে চিএম ভিজিলেঞ্চে অভিযান চলাই বুলি জানিব পৰা গৈছে ৷ আনহাতে উদ্থাপিত অভিযোগ মতে, চাকৰি দিয়াৰ নামত বহু লোকৰ পৰা ধন সংগ্ৰহ কৰিছিল ছাকিল ছাদুল্লাই।
ADVERTISEMENT






























