Murder Incident in Duliajan:
তৈলনগৰী দুলীয়াজানত লোমহৰ্ষক হত্যাকাণ্ড ৷ এটা ম’বাইলৰ বাবে এজন লোকক ঘপিয়াই হত্যা ৷ এই নৃশংস কাণ্ড সংঘটিত হয় ঊষাপুৰ জালনী গাঁৱত ৷ প্রফুল্ল বড়ো নামৰ ৭০ বছৰীয়া লোকজনক একেখন গাৱঁৰে ভাইকণ বৰাই দাৰে ঘপিয়াই হত্যা কৰাৰ অভিযোগ উদ্থাপিত হয় ৷
ইতিমধ্যে ঘাতক ভাইকণ আটক কৰে আৰক্ষীয়ে ৷ আৰক্ষীয়ে মৃত প্রফুল্ল বড়োৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰি আৰম্ভ কৰিছে তদন্ত । এই নৃশংস হত্যাকাণ্ড জোকাৰি যায় দুলীয়াজান ৷ স্থানীয় ঊষাপুৰ জালনী গাঁৱৰ ৰাইজে ঘাতক ভাইমনক দৃষ্টান্তমূলক শাস্তিৰ দাবী কৰে I
ADVERTISEMENT






























