Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

অসম-পশ্চিমবংগৰ নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰৰ জাননী জাৰি

চলিত বৰ্ষত বলবৎ হোৱা প্ৰব্ৰজন-বিদেশী আইনৰ আধাৰত কৌশলী স্থিতি

publisher by publisher
September 4, 2025
in News, Assam
Reading Time: 1 min read
0
অসম-পশ্চিমবংগৰ নিৰ্বাচনৰ পূৰ্বে কেন্দ্ৰৰ জাননী জাৰি
1
SHARES
7
VIEWS
ShareShareShareShare

Assam:✒️দেশ প্রথম, দল দ্বিতীয় আৰু ব্যক্তি তৃতীয় ধ্বনি দিয়া নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰৰ বিজেপি চৰকাৰে নাগৰিকত্বৰ দৰে অতি গুৰুত্বপূৰ্ণ আৰু স্পৰ্শকাতৰ বিষয়তো ল’ৰা-ধেমালি আৰম্ভ কৰিলে নেকি?

ADVERTISEMENT

বিৰোধীয়ে আশংকা কৰি অহাৰ দৰে বহু বিতর্কিত নাগৰিকত্ব (সংশোধনী) আইন (কা)ৰ সময়সীমা বৃদ্ধি কৰি চুবুৰীয়া বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ ছয় ধর্মীয় সংখ্যালঘু লোকক নাগৰিকত্ব প্রদান কৰিবলৈও মোদী চৰকাৰে যে কুষ্ঠবোধ নকৰিব, তাৰ ইংগিত সম্প্রতি স্পষ্ট হৈছে।

RelatedPosts

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

অসম আৰু পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ আগে আগে মোদী চৰকাৰে গ্রহণ কৰা এই সংক্রান্তীয় এক স্থিতিয়ে তুমুল প্রতিক্রিয়াৰ সৃষ্টি কৰিছে। উল্লেখ্য যে মোদী চৰকাৰে অনা নাগৰিকত্ব (সংশোধনী) আইনৰ জৰিয়তে ২০১৪ৰ ৩১ ডিচেম্বৰলৈকে ভাৰতলৈ অহা পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ হিন্দুকে ধৰি অমুছলমান ছয় ধৰ্মাৱলম্বী লোকক ভাৰতীয় নাগৰিকত্ব প্রদানৰ ব্যবস্থা কৰা হৈছে।

সম্প্ৰতি চৰকাৰে উক্ত সময়সীমা ২০১৪ৰ ডিচেম্বৰৰ পৰা ২০২৪ৰ ডিচেম্বৰলৈ ১০ বছৰ বৃদ্ধিৰ কৌশল অবলম্বন কৰাৰ আভাস স্পষ্ট হৈছে। ইয়াকে কৰিবলৈ চৰকাৰে চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা বলবৎ হোৱা প্রব্রজন আৰু বিদেশী আইন-২০২৫ৰ ১৩ নম্বৰ ধাৰাৰ আশ্রয় লৈছে।

উক্ত আইনৰ অধীনত কেন্দ্রীয় গৃহ মন্ত্রণালয়ে শেহতীয়াকৈ প্রকাশ কৰা এক বাজপত্র ঘোষণাত কোৱা হৈছে যে ২০২৪ৰ ৩১ ডিচেম্বৰলৈকে বৈধভাবে হওক বা অবৈধভাৱে হওক ভাৰতলৈ অহা হিন্দু, শিখ, বৌদ্ধ, জৈন, পার্চি আৰু খ্রীষ্টান এই ছয় ধৰ্মাৱলম্বী লোকে ভাৰতত শৰণাৰ্থীৰূপে থাকিব পাৰিব।

বৈধভাবে অহাসকলৰ ভিছাৰ ম্যাদ উকলিলেও তেওঁলোকক দেশৰ পৰা বহিষ্কাৰ কৰা নহ’ব। এই সংক্রান্তীয় কেন্দ্রীয় গৃহ মন্ত্রণালয়ৰ উক্ত জাননীত কোৱা হয়, ধর্মীয় নিৰ্যাতনৰ ভুক্তভোগী হোৱাৰ বাবে বা ধর্মীয় উৎপীড়নৰ ভয়ত ২০২৪ৰ ৩১ ডিচেম্বৰ বা তাৰ পূর্বে পাৰপত্ৰ বা আন ভ্রমণ নথি অবিহনে আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানৰ পৰা ভাৰতত আশ্রয় লোৱা হিন্দু, শিখ, বৌদ্ধ, জৈন, পার্চি আৰু খ্রীষ্টান লোকসকলে ভাৰতত থাকিব পাৰিব।

একেদৰে এই তিনি চুবুৰীয়া দেশৰ পৰা ধৰ্মীয় উৎপীড়নৰ ভুক্তভোগী হৈ বা ধর্মীয় উৎপীড়নৰ ভয়ত পাৰপত্ৰ বা আন ভ্রমণ নথিসহ ভাৰতত আশ্রয় লোৱা উক্ত ছটা ধৰ্মাৱলম্বী লোকৰ যিসকলৰ নথিপত্ৰৰ ম্যাদ উকলিছে সেইসকলেও ভাৰতত থাকিব পাৰিব।’

গতিকে চুবুৰীয়া তিনি দেশৰ পৰা যোৱা বছৰৰ ৩১ ডিচেম্বৰলৈকে অহা উক্ত ছটা ধর্মাবলম্বী লোকক নাগৰিকত্ব প্ৰদানৰ দিশত মোদী চৰকাৰে এখোজ আগুৱালে বুলি চর্চা হৈছে।

লক্ষ্যণীয় যে ‘কা’ বিৰোধী আন্দোলনকাৰীসকলে অভিযোগ উত্থাপন কৰিছিল যে পাকিস্তানী, বাংলাদেশী আৰু আফগানী ধর্মীয় সংখ্যালঘু লোকক নাগৰিকত্ব প্রদানৰ ক্ষেত্ৰত ‘কা’ত যি সময়সীমা উল্লেখ আছে সেই সময়সীমা পৰৱৰ্তী সময়ত বৃদ্ধি পোৱাৰ আশংকা আছে।

কেন্দ্রীয় গৃহ মন্ত্রণালয়ৰ শেহতীয়া এই জাননীত ‘কা’ৰ কথা ঘুণাক্ষৰেও উল্লেখ নাই যদিও ইয়াৰ অধীনত এই চুবুৰীয়া তিনি দেশৰ ধৰ্মীয় সংখ্যালঘু লোকক (২০২৪ৰ ডিচেম্বৰলৈকে অহা) নাগৰিকত্ব প্ৰদানৰ দিশত মোদী চৰকাৰে এটা খোজ আগবঢ়ালে বুলি ব্যাপক চর্চা হৈছে।

২০২৪ৰ ৩১ ডিচেম্বৰলৈ অহা ছয় ধৰ্মাৱলম্বী বিদেশীয়ে ভাৰতীয় নাগৰিকত্ব পাবনে?

মোদী চৰকাৰে প্ৰব্ৰজন আৰু বিদেশী আইনৰ অধীনত চুবুৰীয়া তিনি দেশৰ ধৰ্মীয় সংখ্যালঘু লোকৰ ভাৰতত আশ্রয় গ্রহণ সম্পর্কীয় এই জাননী জাৰি কৰাত এই লোকসকলে ভাৰতীয় নাগৰিকত্ব পাব নেকি বুলি ব্যাপক চর্চা হৈছে।

একাংশৰ মতে, এইসকলে নাগৰিকত্ব বিচাৰি ‘কা’ৰ অধীনত আবেদন জনাব পাৰিব। অৱশ্যে ইয়াৰ বাবে নাগৰিকত্ব (সংশোধনী) আইনৰ সামান্য সংশোধন ঘটাব লাগিব। বর্তমানলৈ মোদী চৰকাৰে আইনখনৰ নতুন সংশোধনী অনা নাই। লক্ষ্যণীয় যে কেন্দ্রীয় গৃহ মন্ত্রণালয়ে শেহতীয়া জাননী নাগৰিকত্ব (সংশোধনী) আইনৰ অধীনত জাৰি কৰা নাই।

তাৰ পৰিৱৰ্তে চৰকাৰে প্রব্রজন আৰু বিদেশী আইন ২০২৫ৰ আশ্রয় লৈছে। এই আইনৰ অধীনত ভাৰতত থাকিবলৈ সুবিধা পোৱাসকলে নাগৰিকত্ব বিচাৰি ‘কা’ৰ অধীনত আবেদন জনোৱাৰ সুযোগ পোৱাৰ সম্ভাৱনা আছে। অৱশ্যে তেওঁলোকৰ নাগৰিকত্বৰ আবেদন মঞ্জুৰ কৰিবলৈ হ’লে ‘কা’ৰ সংশোধনীৰ প্রয়োজন হ’ব।

গতিকে এই ক্ষেত্রত সংসদৰ ভূমিকা আছে। এনে অৱস্থাত একাংশই চৰ্চা কৰিছে যে সংসদৰ আগন্তুক শীতকালীন অধিবেশনত চৰকাৰে ‘কা’ৰ সংশোধনী অনাৰ সম্ভাৱনা আছে। অৱশ্যে এই ক্ষেত্ৰত চৰকাৰে কি পদক্ষেপ লৈছে সেয়া স্পষ্ট হোৱা নাই।

তৎসত্ত্বেও একাংশই প্রতিক্রিয়া প্রকাশ কৰিছে যে কেন্দ্ৰীয় গৃহ মন্ত্রণালয়ৰ শেহতীয়া এই জাননী হৈছে ২০২৪ৰ ৩১ ডিচেম্বৰলৈ ভাৰতলৈ অহা আফগানী, পাকিস্তানী আৰু বাংলাদেশী ধর্মীয় সংখ্যালঘু লোকক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ প্ৰথমটো খোজ।

কাৰণ এইসকলক ভাৰতত থকাৰ অনুমতি বা অধিকাৰ প্ৰদান কৰা হৈছে। এই ক্ষেত্ৰত বৈধ বা অবৈধৰ বিচাৰ কৰা নহ’ব।

কেন্দ্ৰক প্ৰচুৰ ক্ষমতা প্রদান কৰিছে প্ৰব্ৰজন আৰু বিদেশী আইনে

প্রব্রজন আৰু বিদেশী আইন ২০২৫ কাৰ্যকৰী হৈছে চলিত বৰ্ষৰ চাৰি এপ্ৰিলৰ পৰা। এই আইনে কেন্দ্ৰীয় চৰকাৰক প্ৰচুৰ ক্ষমতা প্রদান কৰিছে। আইনখনৰ উদ্দেশ্যও জলজল পটপট। কোন কোন বিদেশী ভাৰতলৈ আহিব পাৰিব, কেনেদৰে আহিব পাৰিব আৰু কি নথি থাকিলে ভাৰতত থাকিব পাৰিব সেয়া উক্ত আইনত পুংখানুপুংখভাবে উল্লেখ আছে।

ইয়াৰ সমান্তৰালভাৱে ভাৰত চৰকাৰৰ হাতত বিদেশী সম্পর্কীয় কি কি ক্ষমতা থাকিব সেই কথাও স্পষ্টভাবে উল্লেখ আছে। এই আইনত কোৱা হৈছে যে বৈধ পাৰপত্ৰ আৰু ভিছা অবিহনে কোনেও ভাৰতত প্ৰৱেশ কৰিব নোৱাৰিব।

আইনখনৰ ৩৩ নম্বৰ ধাৰাই চৰকাৰক প্ৰভূত ক্ষমতা প্রদান কৰিছে। এই ধাৰাত কোৱা হৈছে, পৰিস্থিতি বিচাৰ কৰি ৰাজপত্র জাননীৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে প্ৰয়োজনত বিদেশী সম্পর্কীয় কথা সালসলনি কৰিব পাৰিব। পৰিস্থিতি সাপেক্ষে ‘ব্যতিক্রম’ও নির্ধাৰণ কৰিব পাৰে চৰকাৰে।

অর্থাৎ স্বদেশত ধর্মীয় উৎপীড়নৰ ভুক্তভোগী হৈ অথবা ধর্মীয় নির্যাতনৰ ভয়ত ২০২৪ৰ ৩১ ডিচেম্বৰলৈ ভাৰতত আশ্রয় লোৱা পাকিস্তানী, বাংলাদেশী আৰু আফগানী ছয় ধর্মীয় সংখ্যালঘু লোকক সম্প্রতি চৰকাৰে শৰণাৰ্থীৰ মৰ্যাদা প্রদানৰ জাননী জাৰি কৰিলে। ইয়াৰ আগলৈ চৰকাৰে ‘কা’ৰ ক্ষেত্ৰতহে ধর্মীয় উৎপীড়নৰ কথা উল্লেখ কৰিছিল।

‘কা’ৰ অধীনত গোচৰ মীমাংসা নোহোৱা লোকৰ নামো থাকিব ভোটাৰ তালিকাত!

প্রব্রজন আৰু বিদেশী আইন ২০২৫ৰ অধীনত কেন্দ্রীয় গৃহ মন্ত্রণালয়ে জাৰি কৰা শেহতীয়া এই জাননীয়ে আন এটা দিশতো তাৎপর্য বহন কৰিছে। উল্লেখ্য যে কিছুদিন পূর্বে দেশৰ নিৰ্বাচন আয়োগে প্রকাশ কৰে যে ‘কা’ৰ অধীনত নাগৰিকত্ব বিচাৰি যিসকলে আবেদন কৰিছে তেওঁলোকৰ আবেদনৰ মীমাংসা হওক বা নহওক আবেদনকাৰীসকলৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ নপৰে।

যদি কেন্দ্ৰৰ শেহতীয়া এই নির্দেশনামর্মে ভাৰতত থাকিবলৈ সুবিধা পোৱা কোনো লোকে ‘কা’ৰ অধীনত নাগৰিকত্ব বিচাৰি আবেদন জনায়, তেন্তে তেওঁলোকৰো নাম ভোটাৰ তালিকাত অন্তর্ভুক্ত হ’ব নেকি? এই প্রশ্ন বহুতৰ মনত উদ্ভৱ হৈছে।

অসমৰ অধিকাংশ সন্দেহজনক ভোটাৰেই হিন্দু বাঙালী!

একাংশই চৰ্চা কৰিছে যে অসমৰ ভোটাৰ তালিকাত থকা ‘সন্দেহজনক ভোটাৰ (ডি-ভোটাৰ) ৰ অধিকাংশই হৈছে হিন্দু বাঙালী। এনে অৱস্থাতে কেন্দ্ৰই জাৰি কৰা এই জাননীয়ে বিজেপিৰ শিবিৰক উৎফুল্লিত কৰিছে। এই জাননী জাৰিৰ বাবে পশ্চিমবংগৰ দুই জ্যেষ্ঠ বিজেপি নেতা সুকান্ত মজুমদাৰ আৰু শান্তনু ঠাকুৰে প্রধানমন্ত্রী মোদী আৰু কেন্দ্রীয় গৃহ মন্ত্রী শ্বাহক ধন্যবাদ জনাইছে।

ইয়াৰ বিপৰীতে বিৰোধী শিবিৰ এই জাননীৰ বিৰুদ্ধে সৰৱ হৈছে। তৃণমূল কংগ্ৰেছৰ নেতা কুনাল ঘোষে কয়, ‘চিএএ, এনআৰচি, এছআইআৰ এই সকলো একাকাৰ কৰি বিজেপিয়ে দৰাচলতে মানুহক বিভ্রান্ত কৰিছে। এই কৌশল সফল নহয়।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Himanta Biswa SarmaNarendra Modi
publisher

publisher

Related Posts

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
Assam

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
Assam

ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
News

দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
News

আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
News

দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d