খাদ্য যিমানেই পুষ্টিকৰ সিমানেই স্বাস্থ্যৰ বাবে ভাল। কিন্তু পুষ্টিকৰ খাদ্য কেতিয়া খোৱা উচিত? পুষ্টিকৰ হ’লেও সকলো খাদ্য সকলো সময়তে খাব নালাগে।
পুষ্টিবিদ সাক্ষী লালবানীয়ে কৈছে যে স্বাস্থ্যৰ বাবে কোনো খাদ্য খোৱাৰ সময়ত গুৰুত্ব দিয়াটো অতি প্রয়োজনীয়। তাই পাঁচবিধ পুষ্টিকৰ খাদ্যৰ কথা উল্লেখ কৰিছে যিবোৰ ৰাতিৰ আহাৰত একেবাবে খাব নালাগে।
ৰাতিৰ আহাৰ গ্ৰহণৰ সময়ত পৰিহাৰ কৰিবলগীয়া পাঁচবিধ স্বাস্থ্যকৰ খাদ্য
কচু: এই শাকত অধিক পৰিমাণে আঁহ আৰু আইৰণ থাকে। এই খাদ্য বাতি হজম হোৱাটো কঠিন। ৰাতিৰ আহাৰত কচু খালে গেছ আৰু হার্টবাৰ্ণৰ সমস্যা হ’ব পাৰে।
ফলমূল আৰু ফলৰ ৰস: ফলমূল অতি স্বাস্থ্যকৰ খাদ্য। ফলসমূহত পোৱা পুষ্টিকৰ উপাদান আন খাদ্যত সহজে পোৱা নাযায়। কিন্তু ফলমূলত প্রাকৃতিক চেনিৰ পৰিমাণো বেছি। ৰাতি ফলমূল খোৱাৰ ফলত গেছ আৰু হার্টবার্ণ আৰু টোপনিৰ সমস্যা হ’ব পাৰে।একেদৰে ৰাতি ফলৰ ৰসও পৰিহাৰ কৰিব লাগে।
কেঁচা তিয়হ আৰু বুটমাহঃ এই দুবিধ খাদ্য বাতি নাখালে ভাল। ইয়াৰ ফলত পাচনতন্ত্ৰৰ সমস্যা হ’ব পাৰে। ইয়াৰ বাহিৰেও এই দুবিধত পানীৰ পৰিমাণ বেছি। গতিকে বাতি বাৰে বাৰে সাৰ পাই প্রস্রাৱ কৰিব পাৰে।
অংকুৰিত মণ্ড, বুট: বাতিৰ আহাৰত অংকুৰিত মণ্ড, বুট আদি পৰিহাৰ কৰিব লাগে। ৰাতি এই খাদ্যসমূহ খালে গেছ আৰু পেট ফুলাৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে।
টেঙা দৈ: দিনটোৰ যিকোনো সময়তে টেঙা দৈ খাব পাৰে। কিন্তু যদি আপোনাৰ গেছৰ সমস্যা আছে বা চৰ্দিৰ প্ৰৱণতা থাকে, তেন্তে ৰাতিৰ আহাৰত টেঙা দৈ পৰিহাৰ কৰাটো ভাল।
ৰাতিৰ আহাৰত কেনে ধৰণৰ খাদ্য খাব লাগে?
পুষ্টিবিদসকলৰ মতে ৰাতিৰ আহাৰত সদায় লঘু আৰু সহজে হজম হোৱা খাদ্য থাকিব লাগে। প্রথমতে সন্ধিয়া যিমান সোনকালে পাৰি ৰাতিৰ আহাৰ শেষ কৰিব লাগে। লগতে ৰাতিৰ আহাৰত লঘু খাদ্য খাব লাগে, যাতে গজম শক্তিৰ কোনো সমস্যা নহয়। বাতি পাচনতন্ত্রৰ সমস্যাই আপোনাৰ টোপনিও বিঘ্নিত কৰে।






























