VP Election2025:
আজিয়েই দেশে লাভ কৰিব এগৰাকী নতুন উপ-ৰাষ্ট্ৰপতি। তদানীন্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে ২১ জুলাইত পদত্যাগ কৰাৰ পিছত আজি অনুষ্ঠিত হয় উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন ৷ দেশৰ ৰাজধানী নতুন দিল্লীস্থিত সংসদ ভৱন কমপ্লেক্সৰ বসুধাৰ ৰুম নং এফ-১০১ত আজি পুৱা ১০ বজাৰ পৰা আৰম্ভ হয় ভোটদান প্ৰক্ৰিয়া। এই ভোটদান সন্ধিয়া ৫বজালৈকে চলিব আৰু সন্ধিয়া ৬ বজাৰ পৰা আৰম্ভ হ’ব ভোট গণনা ৷ তাৰ পিছতে ঘোষণা হ’ব ফলাফল ।
আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পুৱাৰে শাৰি পাতি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে ৷ইতিমধ্যে শাসক – বিৰোধীৰ সকলো সাংসদ ভোট দানৰ বাবে সংসদ ভৱনৰ কমপ্লেক্সৰ বসুধাৰ ৰুম নং এফ-১০১ত উপস্থিত হৈ শাৰী পাতিছে।
উল্লেখ্য যে,উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত শাসকীয় এনডিএৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল পি ৰাধাকৃষ্ণণক আৰু ইণ্ডিয়া মিত্ৰজোঁটে প্ৰক্ষেপ কৰিছে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীক ৷ নিৰ্বাচনত যাতে এটাও ভোট নষ্ট নহয় তাৰ বাবে বিজেপিয়ে যোৱা শনিবাৰৰ পৰা তিনিদিনীয়াকৈ দলীয় সাংসদৰ বাবে আয়োজন কৰিছিল বিশেষ ভোটিং অনুশীলন ৷ একেদৰে বিৰোধী কংগ্ৰেছেও নিজৰ সাংসদ সকলৰ বাবে সোমবাৰে আয়োজন কৰিছিল মকপোল ৷ শাসক -বিৰোধী সকলো সাংসদক নিজ নিজ দলীয় নেতৃত্বই ভোটদানত অংশ ল’বৰ বাবে জাৰি কৰে হুইপ।






























