Guwahati:
বড়োভূমিত সদ্য সমাপ্ত বিটিচিৰ নিৰ্বাচনত অকলেই নিৰ্বাচন খেলি পৰাভূত হৈছিল বিজেপি ৷ মাত্ৰ পাঁচ খন আসনতে সীমাবদ্ধ ৰাখি হাগ্ৰামা মহিলাৰীৰ বিপিএফে একক সংখ্যা গৰিষ্ঠতাৰে ২৮ খন আসন লাভ কৰি পুনৰ দখল বিটিচি পৰিষদ ৷ আনকি শেহতীয়াকৈ গঠন কৰা কাৰ্যবাহী পৰিষদত স্থান দিয়া ন’হল বিজেপিৰ পাৰিষদক ৷ অথচ দলটো বিধানসভাত বিজেপিৰ মিত্ৰ দল ৷
আনহাতে বিপিএফে বিটিচি দখল কৰাৰ পাছত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই তাৎক্ষণিক প্ৰতিক্ৰিয়াত কয়,বিটিচিত বিজেপি হাৰিলেও বিপিএফে সংখ্যাগৰিষ্ঠতা পোৱা মানে এনডিএৰে বিজয় ৷ কিন্ত মুখ্যমন্ত্ৰী এই মন্তব্যৰ বিপৰীতে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে কয়,আমি নিজৰ যোগ্যতাৰ বলত বিটিচি দখল কৰিছো ৷ এনেক্ষেত্ৰত আমি এন ডিএ অংশীদাৰ নহয় ৷ যদি আমি এন্টি কৰিলে বাহিৰ কৰিব লাগিব ইউ পিপিএলক ।
এনে ঘটনাক্ৰমৰ মাজতে ৰাজ্যৰ ৰাজনৈতিক মহলত চমক সৃষ্টিৰে শনিবাৰে বিপিএফৰ মাজবাটৰ বিধায়ক চৰণ বড়োৱে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ইতিমধ্যে নতুন মন্ত্ৰী গৰাকীক অৰ্পণ কৰা হয় পৰিবহন বিভাগ ৷ আনকি ৰাজভৱনত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা আৰু বিটিচিৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ৷ বিপিএফৰ বিধায়ক হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত অন্তভুৰ্ক্ত হোৱাৰ জৰিয়তে এন ডিএৰ অংশীদাৰ হ’ল বিপিএফ ৷
ৰাজভৱনত শপত গ্ৰহণ অনুষ্ঠানৰ পিছতে সাংবাদিকৰে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই কয়,হাগ্ৰামা আৰু মোৰ সম্পৰ্ক বহুত বেছি নিবিড় সম্পর্ক। আমাৰ সম্পৰ্ক ব্যক্তিগত সম্পর্ক, কিন্তু ৰাজনীতিটো বেলেগ। ২০২১ চনত কিবা এটা বিষয়ক লৈ আমাৰ অলপমান ব্যৱধান বাঢ়িছিল। অৱশ্যে বিধানসভাত বিপিএফ আমাৰ মিত্ৰদল ৷ সেই সূত্ৰে দলটোৱে ৰাজ্যসভাৰ নিৰ্বাচনত আমাৰ দ্বাৰা প্ৰক্ষেপিত প্ৰাৰ্থীৰ সপক্ষে ভোটদান কৰিছিল । যোৱা চাৰিবছৰ ছমাহত বিপিএফে আমাৰ স’তে কাম কৰি আহিছে ৷ কিন্ত এতিয়া ২৬ৰ নিৰ্বাচনত আমি নতুন ৰণনীতি প্ৰস্তুত কৰিম।

২৬ৰ নিৰ্বাচনৰ বাবে ইউপিপিএল আৰু বিপিএফৰ লগত কথা পাতিম ৷ ডিচেম্বৰৰ ভিতৰত বড়োভূমিৰ ১৫ খন বিধানসভা আসনৰ কোনে কিমান আসনত প্ৰতিদ্বন্দ্ব্বীতা আগবঢ়াব এই সন্দৰ্ভত চুড়ান্ত সিদ্ধান্ত লোৱা হ’ব বুলি এক ইংগিত দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷
আনহাতে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে ৰাজভৱনৰ শপত গ্ৰহণ অনুষ্ঠান অংশ লৈ আহি সংবাদ মাধ্যমক কয়, বিপিএফ এটা স্বাৰ্থপৰদল, ৷ আমি বিটিচিৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থৰ খাতিৰত বাবে এনডিএ চৰকাৰৰ লগত চামিল হৈছো ৷ বিপিএফ এনেকুৱা এটা দল যিয়ে লবও জানে, দিবও জানে ৷ অনাগত দিনত আমি চৰকাৰৰ স’তে কান্ধত কান্ধ মিলাই ৰাজ্য উন্নয়নৰ গতি তৰাম্বিত কৰিম ৷

বিপিএফ মুৰব্বী গৰাকীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই কয় ,বিটিচি চৰকাৰৰ অংশীদাৰ হ’ব বিজেপি৷ বিজেপিৰ দুজন পাৰিষদক কাৰ্যবাহী সদস্য আৰু ডেপুটি স্পীকাৰ পদ দিয়া হ’ব ৷




































