Kaziranga:✒️বিশ্ব ঐতিহ্যক্ষেত্র তথা জৈৱ বৈচিত্র্যৰ আকৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১৪৬টা প্ৰজাতিৰ পক্ষী আছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষৰ স’তে সহযোগিতাৰে আছাম বার্ড মণিটৰিং নেটৱর্ক শীর্ষক সংস্থাই কাতি বিহুৰ স’তে মিলাই শেহতীয়াভাবে সম্পন্ন কৰা এক সমীক্ষাত পোহৰলৈ আহিছে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১,৯১৯ বিধ পক্ষী আছে।
এই পক্ষীসমূহ ১৪৬ বিধ ভিন্ন প্রজাতিৰ। উদ্যানখনৰ অগৰাতলী বনাঞ্চলত সর্বাধিক ৮৯ বিধ প্ৰজাতিৰ পক্ষী আছে। ইয়াৰ পাছতে গামিৰি আৰু পাণবাৰী বনাঞ্চলত ৫৯ বিধকৈ, পাণপুৰত ৫৫ বিধ আৰু লাওখোৱাত ৩৭ বিধ প্ৰজাতিৰ পক্ষী পোৱা গৈছে।
এই সমীক্ষাত ৰাষ্ট্ৰীয় উদ্যানখনৰ লগে লগে থকা লাওখোৱা বন্যপ্রাণী অভয়াৰণ্যকো সামৰি লোৱা হয়। উল্লেখ্য যে উদ্যানখনৰ দুবিধ প্ৰজাতিৰ পক্ষী বিপন্নপ্রায়। আন ছবিধ স্পৰ্শকাতৰৰূপে চিহ্নিত কৰা হৈছে। তদুপৰি আন ছবিধ প্ৰজাতিৰ পক্ষী প্ৰায় ভাবুকিৰ সন্মুখীন হৈছে।
অৱশ্যে ১৩২ বিধ প্ৰজাতিৰ পক্ষী কম উদ্বেগৰ বিষয়ৰূপে চিহ্নিত হৈছে। এই সমীক্ষা সম্পৰ্কত কাজিৰঙাৰ বিষয়াবৰ্গই কয় যে উদ্যানখনৰ বহু সংখ্যক পক্ষীৰ লগতে পৰিভ্ৰমী পক্ষীও সমীক্ষাৰ সময়ত দেখা গ’ল।
এই পক্ষী গণনা নাগৰিক বৈজ্ঞানিক পদক্ষেপসমূহৰ এক তাৎপর্যপূর্ণ উদ্যোগ বুলি অভিহিত কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালিকা সোণালী ঘোষে। এই জৰীপৰ জৰিয়তে সামগ্রিক আৰু সামূহিক সংৰক্ষণৰ উত্তৰণ সাধনো কৰা হয় বুলি সঞ্চালিকাগৰাকীয়ে মন্তব্য কৰে।
তেওঁ কয়, ‘ছাত্র-ছাত্রী, যুৱক-যুৱতী পক্ষীপালক আৰু বিশেষকৈ মহিলাবন কর্মচাৰীসকলক সক্রিয় অংশগ্রহণে বন্যপ্রাণী সংৰক্ষণৰ প্ৰতি বর্ধিত অংগীকাৰবদ্ধতা প্ৰদৰ্শন কৰে।’






























