Assam Cabinet:
দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত আজি অনুষ্ঠিত হয় কেবিনেট বৈঠকত ৷ বৈঠকত লোৱা হয় কেতবোৰ সিদ্ধান্ত ৷ কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই কয়, অসমত বলবৎ হৈ থকা জনসংখ্যা নীতিৰ আওতাৰ পৰা জনজাতি,চাহ জনগোষ্ঠী আৰু মৰাণ সম্প্ৰদায়ক বাহিৰ কৰা হয় ৷ এই সন্দৰ্ভত কয় একলাখ মৰাণ জনগোষ্ঠী সহ নিম্নোক্ত জনগোষ্ঠী কেইটাৰ জনসংখ্যা দিনক দিনে কমি আহিছে ৷ সেয়েহে এনেবোৰ বিষয় অনুধাৱন কৰি কেবিনেটে জনসংখ্যা নীতিৰ আওতাৰ পৰা বাহিৰত ৰাখে ৷
আনহাতে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় যে,কেবিনেটে ৭৫ বছৰৰ পিছল লেণ্ড নীতি ওপৰত ভিত্তি কৰি ৰাজ্য প্ৰায় ২ লাখ ৯০ হেজাৰ বিঘা ভুমি চাহ শ্ৰমিকৰ মাজত বিতৰণৰ বাবে সাজু হৈছে ৷ মুঠ চাহ শ্ৰমিকৰ পৰিয়ালৰ সংখ্যা ৪ লাখ আছে ৷ এনেক্ষেত্ৰত এই বিষয়টোৰ সন্দৰ্ভত আলোচনা কৰিবৰ বাবে আটছা সহ আন আন চাহ জনগোষ্ঠী সংগঠনত অহা ২আৰু ৩অক্টোবৰত নিমন্ত্ৰণ কৰা হ’ব ৷ সংগঠন কেইটাৰ স’তে আলোচনা কৰাৰ পিছতে এই সম্পৰ্কীয় বিল উদ্থাপন কৰা হ’ব বিধানসভাত ৷মুখ্যমন্ত্ৰীয়ে আৰু কয় যে,মৰিগাঁও জিলাৰ নেলীত ১৯৮৩ চনত সংঘটিত হোৱা নৰসংহাৰ ঘটনাৰ বাবে সেই সময়তে গঠন কৰা ‘তিৱাৰী কমিচনৰ’ প্ৰতিবেদন ২৫ নৱেম্বৰত বিধানসভাত দাখিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে ৷
আনহাতে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ সমাধিস্থল ‘জুবিন ক্ষেত্ৰ’ত শেহতীয়াকৈ শ্ৰদ্ধাঞ্জলী জনোৱাৰ নামক একাংশ সুৰামত্ত হৈ উদ্ভণ্ডালি কৰাৰ বিষয় সন্দৰ্ভত এতিয়াৰ পৰা সকলো দিশ চোৱাচিতা কৰিব কামৰূপ মহানগৰ আয়ুক্ত,গুৱাহাটী আৰক্ষী আয়ুক্ত আৰু সোণাপুৰৰ ৰাইজ ৷ এই ক্ষেত্ৰত কৰিবলগীয়া সকলো ব্যৱস্থা লোৱাৰ কতৃত্ব দিয়া হয় আয়ুক্ত আৰু সোণাপুৰৰ ৰাইজক ৷
ADVERTISEMENT




































