Chhaygaon:
সপোনৰ এখন ৰয়েল এনফিল্ড বাইক লোৱাৰ বাবে দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ “ধানিশা শ্ব’ৰুমত উপস্থিত হয় সোণতলীৰ এজন পৰিশ্ৰমী যুৱক । যুৱকজনৰ নাম-মণিৰ আলী । ১২ বছৰ ধৰি ৰাজ মিস্ত্ৰী কৰাৰ লগতে ই-ৰিক্সা চলাই ঘৰখন পোহ পাল দিয়াৰ লগতে মণিৰে এটকা, দুটকা সাচি ৰাখিছিল ৰয়েল এনফিলৰ্ড এখন কিনাৰ বাবে । ১ লাখ ৪১ হাজাৰ ২০০ টকা জমা হোৱাৰ পিছত যুৱকজনে গাড়ী ভাড়া কৰি তিনিটা বস্তাত ভৰাই উপস্থিত হয় কামৰূপ জিলাৰ ছয়গাঁৱৰ মন্টু মেধিৰ শ্ব’-ৰুমত উপস্থিত হয় ।

এটকা, দুটকা খুচুৰা পইছা লৈ উপস্থিত হোৱা যুৱকজনক দেখি হতভম্ব হয় ডিলাৰৰ মালিক মন্টু মেধি । পিছে গ্ৰাহকজনক উভতি যাবলৈ নিদি মালিক মন্টু মেধিয়ে শ্ব’ৰুমৰ কৰ্মচাৰীৰ উপৰিও হাজিৰা মানুহ লগাই পইছা হিচাপ কৰিবলৈ দায়িত্ব দিয়ে ৷ এদিন, দুদিন ধৰি তিনিদিন গ’ল যদিও এতিয়ালৈকে গণি শেষ কৰিব পৰা নাই খুচুৰা পইছা খিনি। আজিও সম্পূৰ্ণ হোৱাৰ আশা নাই যদিও কাইলৈৰ ভিতৰত খুচুৰা পইচা খিনিৰ হিচাপ সম্পন্ন হ’ব ৷ ইয়াৰ পিছতে শ্ৰমজীৱী যুৱকজনে সপোনৰ এনফিল্ড বাইকখন চলায় লৈ যাব পাৰিব সোণতলী গাঁৱলৈ I
ADVERTISEMENT




































