Mosquito:✒️মাত্ৰ এমাহৰ আগলৈকে তথ্য আছিল ভিন্ন; কিন্তু সেই তথ্য এতিয়া সলনি হৈ পৰিছে। সেই নতুন তথ্যতে নিদ্ৰাহৰণ হৈছে গৱেষক-বিশেষজ্ঞসকলৰ। ইমান দিনলৈকে জনা গৈছিল যে আইচলেণ্ডত সাপ বা আন কোনো সৰীসৃপ নাই।
আইচলেণ্ডত হ্রদ, পুখুৰী, জলাভূমিৰ লগতে ১৩০০ প্ৰজাতিৰ বিভিন্ন প্রাণী থকা সত্ত্বেও মহৰ কোনো উৎপাত নাছিল। কাৰণ অত্যন্ত শীতৰ দেশখনত মহ বাচি থাকিব নোৱাৰে। একাংশ বিজ্ঞোনীয়ে জনাইছিল যে আইচলেণ্ডৰ দ্রুত পৰিৱৰ্তনশীল বতৰ তথা শীতল জলবায়ুত মহ জীয়াই নাথাকে। ফলত মহৰ কণীৰ বিকাশ তথা কণী ফুটি লার্ভা হোৱাটো কঠিন।
অৱশ্যে সাম্প্ৰতিক সময়ত একাধিক সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ প্ৰতিবেদনৰ তথ্য অনুসৰি, আইচলেণ্ডত প্রথমবাৰৰ বাবে মহ দেখিবলৈ পোৱা গৈছে। এই তথা নিশ্চিত কৰা আইচলেণ্ডৰ নেচাৰেল ছায়েন্স ইনষ্টিটিউটৰ এন্ট ‘মলজিষ্ট মেথিয়াছ আলফ্রেওছনে জনাইছে যে এজন গবেষকে তেওঁলৈ মহৰ নমুনা প্ৰেৰণ কৰিছিল।
গৱেষকজনে জনাইছিল যে কিঅ’ফেল, কেজোছে কুলিছেটা এনুলাটাৰ তিনিটা নমুনা পোৱা গৈছে, তাতে দুটা মাইকী আৰু এটা মতা মহ। মহক আকর্ষণ কৰাৰ বাবে বাইন ৰছী ব্যৱহাৰ কৰাৰ সময়ত সেই ৰছীৰ পৰা মহৰ নমুনা সংগ্ৰহ কৰা হৈছিল বুলি তেওঁ জনাইছে।
দেশখনৰ ৰাজধানীৰ পৰা ৩০ কিলোমিটাৰ দূৰত মহৰ উপস্থিতি লক্ষ্য কৰা হৈছে বুলিও আন্তর্জাতিক সংবাদ মাধ্যমৰ সূত্রই তথ্য দাঙি ধৰিছে। আইচলেণ্ডত প্ৰচুৰ পৰিমাণে জলাভূমি আৰু পুখুৰী আছে। সেইবোৰ মহৰ প্ৰজনন আবাসস্থল হোৱাৰ উপযুক্ত। যদিও ইমানদিনে জলবায়ু প্রতিকূল আছিল যদিও এতিয়া জলবায়ু পৰিৱৰ্তনৰ লগে লগে মহৰ বংশবৃদ্ধিৰ আশংকা ঘনীভূত হৈছে।
একাংশ বিশেষজ্ঞই দাবী কৰিছে যে আইচলেগুতো যদি মহে বাস কৰিব পৰাকৈ জলবায়ুৰ তাপমাত্রা বৃদ্ধি হয়, তেন্তে সেয়া সমগ্ৰ বিশ্বৰ বাবেই শংকাজনক। সম্প্রতি আইচলেণ্ড ক্রমান্বয়ে উষ্ণ হ’বলৈ আৰম্ভ কৰিছে। উত্তৰ গোলাৰ্ধৰ বাকী অংশৰ তুলনাত এই দেশখন চাৰিগুণ বেছি হাৰত উষ্ণ হৈছে। সঘনে ভাঙি পৰিছে হিমবাহ।
আইচলেণ্ডৰ এই জলবায়ু পৰিৱৰ্তেন সমগ্র পৃথিৱীৰ বাবেই অশনি সংকেত মাতি আনিছে। একাংশ বিশেষজ্ঞই মন্তব্য কৰিছে যে আইচলেণ্ডত মহে থিতাপি লোৱা বিষয়টোৱেই গোলকীয় উষ্ণতা বৃদ্ধিৰ অন্যতম প্রমাণ।
