প্ৰেম আৰু দাম্পত্যত যে বয়স সঁচাকৈয়ে কোনো বাধা হ’ব নোৱাৰে, তাকেই পুনৰ প্ৰমাণ কৰি দেখুৱালে অস্ট্রেলিয়াৰ এজন চিকিৎসকে। ডাঃ জন লিবিন হৈছে বার্ধক্য ৰোগ বা ‘এন্টি এজিং’ মেডিচিন বিশেষজ্ঞ। অথচ তেওঁৰ নিজৰ জীৱনৰ কাহিনীয়েই যেন বার্ধক্যৰ সকলো প্রচলিত ধাৰণাৰ প্রতি প্রত্যাহ্বান জনাইছে।
সম্প্রতি ৯৩ বছৰ বয়সত তেওঁ পুনৰ পিতৃত্ব অর্জন কৰিছে। ডাঃ লিৱিনৰ ৩৭ বছৰীয়া পত্নী জেনিন লুবে সম্প্রতি জন্ম দিছে এটি সন্তান। এই শিশু তেওঁলোকৰ তৃতীয় সন্তান।
দম্পতীৰ পুনৰ পিতৃ-মাতৃ হোৱাৰ সুখবৰ প্ৰকাশ পোৱাৰ লগে লগে পুনৰ চর্চালৈ আহিছে তেওঁলোকৰ এই ‘অসমবয়সী’ প্রেম কাহিনী। তেওঁলোকে যেতিয়া বিবাহপাশত আবদ্ধ হয় যেতিয়া জেনিনৰ বয়স মাত্র ২৬ আৰু ডাঃ লিৱিনৰ বয়স আছিল ৮২ বছৰ। দুয়োৰে বয়সৰ ব্যৱধান ৫৬ বছৰৰ।
স্বাভাৱিকভাৱেই এটা দশকৰ পূর্বে তেওঁলোকে লোৱা বিবাহৰ সিদ্ধান্তক বহুতে পাগলামি বুলিও অভিহিত কৰিছিল। ৮২ বছৰীয়া এজন অশীতিপৰ বৃদ্ধই যেতিয়া এগৰাকী ২৬ বছৰীয়া যুবতীক বিয়া কৰোৱাৰ সিদ্ধান্ত লয়, তেতিয়া স্বাভাবিকভাবেই সমাজৰ বহু লোকেই আচৰিত হৈছিল।
বহুতে ভাবিছিল এই সম্পর্ক হয়তো ক্ষণস্থায়ী। আন বহুতে আকৌ ইয়াৰ অন্তৰালত আন সমীকৰণ বিচাৰিছিল। বহুতে ডাঃ লিৱিনৰ সম্পত্তিৰ লোভত জেনিনে বিয়া কৰোৱা বুলিও সন্দেহ কৰিছিল। যদিও সকলো ধাৰণা আৰু সমালোচনাক অংগুষ্ঠ প্রদর্শন কৰিছে ডাঃ লিবিন আৰু জেনিনে। এচটা দশকৰো অধিক কাল ধৰি দুয়োৰে দাম্পত্য জীৱন কেবল সুখেৰেই অতিবাহিত হোবা নাই, সেই সুখত সুৰগা চৰাইছে তেওঁলোকৰ জীৱনলৈ অহা তিনি সন্তানে।
সবাতোকৈ আশ্চৰ্যকৰ বিষয়টো হৈছে ডাঃ লিৱিনৰ জীৱিকা। তেওঁ নিজে এজন ‘এন্টি এজিং’ বিশেষজ্ঞ। অর্থাৎ, কিদৰে বয়স বঢ়াৰ গতিক মন্থৰ কৰিব পাৰি, কিদৰে বার্ধক্যৰ ছাপ এৰাই শৰীৰত তাৰুণ্য ধৰি ৰাখিব পাৰি, সেইবোৰ বিষয়তে তেওঁ পৰামর্শ দিয়ে।
ডাঃ লিবিনব ব্যক্তিগত জীবনলৈ চালেই স্পষ্ট হয় যে বয়স তেওঁৰ বাবে কেরল মাত্র এটা সংখ্যাহে ৮২ বছৰ বয়সত বিয়া কৰোৱা আৰু ৯৩ বছৰত উপস্থিত হৈও নতুন সন্তানৰ মুখ দেখা, দুয়োটা বিষয়েই যেন তেওঁৰ জীৱিকাৰ প্ৰতি সুবিচাৰ। তেওঁ কেৱল তত্ত্বতে নহয়, বৰঞ্চ বাস্তৱতো প্রমাণ কৰিলে যে বয়সে জীৱনৰ উদ্দীপনাক ৰুদ্ধ কৰি ৰাখিব নোৱাৰে। অৱশ্যে এই অসম বয়সৰ দাম্পত্যৰ এক বিড়ম্বনাও আছে।
সম্প্রতি তৃতীয় সন্তানৰ জন্মৰ পাছত সেই বিষয়টো অধিক প্রকট হৈছে। ৯৩ বছৰীয়া ডাঃ লিৱিনে যেতিয়া তেওঁৰ সদ্যোজাত সন্তানক কোলাত লয়, তেতিয়া বহুতেই তেওঁক শিশুটিৰ পিতৃ বুলি কল্পনাই কৰিব নোৱাৰে। ৰাস্তা-ঘাটটো বাদেই, পৰিচিত মহলৰো অনেকেই তেওঁক শিশুটিৰ ‘ককাক’ বুলি ভুল কৰে।
অৱশ্যে এই ভুল বুজাবুজি বা মানুহৰ অবাক চাৱনিক বিশেষ গুৰুত্ব নিদিয়ে লিৱিন দম্পতীয়ে। এক সাক্ষাৎকাৰত তেওঁলোকে জনাইছে যে সন্তানৰ জন্মৰ মুহূৰ্ত দুয়ো একেলগেই উদ্যাপন কৰিছে। যি বিবাহক এটা সময়ত সমাজে পাগলামি বুলি অভিহিত কৰিছিল, সেই বিবাহেই এতিয়া এটা দশক পাৰ কৰি তিনি সন্তানৰ হাঁহি-ধেমালিৰে ভৰা এক সুখী সংসাৰ।
নিন্দুকসকলৰ সকলো ভবিষ্যদ্বাণীক ভুল প্রমাণিত কৰি ডাঃ লেৱিন আৰু জেনিনে বুজাই দিছে যে সম্পর্কত বয়স নহয়, বৰঞ্চ পাৰস্পৰিক বুজাপৰা আৰু ভালপোৱাই আচল। ৯৩ বছৰ বয়সত পুনৰ পিতৃ হৈ ‘এন্টি এজিং’ বিশেষজ্ঞ ডাঃ লিৱিনে হয়তো বার্ধক্যক জয় কৰাৰ এক নতুন উদাহৰণ দাঙি ধৰিলে।






























