প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ডেৰ মাহ অতিক্ৰম কৰিলে ।বিগত ডেৰ মাহ দিনে নিশাই জুবিন গাৰ্গৰ মৃত্যুৰ সঠিক তদন্ত বিচাৰিছে অনুৰাগীসকলে।
বিগত ১৯ছেপ্টেম্বৰত ছিংগাপুৰৰ পৰা আহিছিল সেই অসহনীয় খবৰ । প্ৰাণৰ শিল্পীগৰাকী মৃত্যুৰ খবৰ বিয়পি পৰাৰ পাছতে সামাজিক মাধ্যমত আৰম্ভ হৈছিল জুবিন গাৰ্গক ৰহস্যজনক মৃত্যুৰ সঠিক তদন্তৰ বাবে- #JusticeForZubeenGarg শীৰ্ষক এক ডিজিটেল আন্দোলনৰ।
বিভিন্ন স্তৰৰ লোকে আহ্বান জনাইছে জুবিনৰ ন্যায় বিচাৰি যাতে সকলোৱে অংশীদাৰ হয় এই আন্দোলনৰ।
অভিনেতা-অভিনেত্ৰী, শিল্পীৰ লগতে বিভিন্ন লোকে অংশগ্ৰহণ কৰিছে এই আন্দোলনত।
লাহে লাহে ডিজিটেলৰ যুগত ডিজিটেলী আৰম্ভ কৰা এই যুঁজখন আগবাঢ়ি আহি চাৰি মিলিয়নত স্পৰ্শ কৰিলে ।
উল্লেখ যে, এতিয়ালৈকে হেছটেগৰ ইতিহাসত কোনেও justice শব্দটো ইমান বৃহত সংখ্যক লোকে ব্যৱহাৰ কৰা নাই। justice শব্দটো ব্যৱহাৰ কৰি লিখা হেছটেগৰ ইতিহাসত প্ৰথমস্থানত আছে #JusticeForZubeenGarg।
স্মৰ্তব্য যে, সামাজিক মাধ্যমত ন্যায় বিচাৰি বিশ্বৰ সবাতোকৈ বৃহত ডিজিটেল আন্দোলনটো হৈছে – #JusticeForZubeenGarg ।
