Bihar Election Result:বিহাৰত এনডিএৰ চুনামীত তচনচ মহাগটবন্ধন !

নজ্বলিল তেজস্বী যাদৱৰ লেম্প, এনডিএ ১৭৩,মহাগটবন্ধন ৬৬ আসনত অগ্ৰগতি

bihar new

Bihar Election Result:

আজি পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা ভোটগণনাত বিহাৰৰ বিধানসভা নিৰ্বাচনী ফলাফলৰ বাবে সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে ৷ শেহতীয়া খবৰ অনুসৰি অধিকাংশ সন্থাৰ EXIT POLL নিৰ্বাচনী সমীক্ষা সঁচা প্ৰমাণিত কৰি বিহাৰত এনডিএ চুনামীত তচনচ মহাগটবন্ধন ৷নজ্বলিত তেজস্বী যাদৱৰ লেম্প ৷২৪৩ খন আসনৰ বাবে হোৱা নিৰ্বাচনত অৱতীৰ্ণ হৈছিল ২৬১৬ প্ৰাৰ্থী ৷৩৮ জিলাৰ ৪৬ কেন্দ্ৰত পুৱা ৮ বজাৰ পৰা হোৱা ভোটগণনাত বৰ্তমানলৈকে পাটনাৰ মছনদ পুনৰ দখলৰ দিশে ৰাজকীয় অগ্ৰগতি লাভ কৰিছে এনডিএ ৷ ইয়াৰ বিপৰীতে তেজস্বী- ৰাহুল সহ আন সৰু- বৰ দলৰ মহাগটবন্ধন শোচনীয় পৰাজয় দিশে ধাববান হৈছে।

৬ আৰু ১১ ফেব্ৰৱাৰীত দুটা পৰ্যায়ত অনুষ্ঠিত হোৱা ভোট গ্ৰহণত ভোটদানৰ হাৰ আছিল ৬৬.৯১শতাংশ । ৪৬ টা ভোট গণনা কেন্দ্ৰত পুৱাৰে পৰা কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে ৷ উল্লেখ্য যে বিহাৰৰ বক্সাৰ সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনী যুঁজত নমা অসমৰ প্ৰাক্তন আৰক্ষী বিষয়া আনন্দ মিশ্ৰ কে’বা হেজাৰ ভোটৰ অগ্ৰগতি লাভ কৰিছে। শেহতীয়া খবৰ অনুসৰি এডিএৰ হৈ বিজেপি ৭৭,জেডিইউ ৭৫,এলজেপি ১৮,হাম ৪ আৰএলম ৩ মুঠ ১৭৩ খন আসনত আৰু মহাগট বন্ধনৰ হৈ আৰজেডি ৪৯,কংগ্ৰেছ ৯,ভিআইপি ৩ বাওঁপন্থী দল ৫ অনান্য ৫ মুঠ ৬৬ খন আসনত অগ্ৰগতি লাভ কৰিছে।

উল্লেখ্য যে চৰকাৰ বনাবৰ বাবে মেজিক নাম্বাৰ ১২২ অতিক্ৰম কৰি এডিএৰ বিজয়ৰ দিশে আগবাঢ়িছে।

Exit mobile version