Sugarcane Farmers Protest In Bagalkot:
প্ৰতিটন কুঁহিয়াৰৰ নূন্যতম মূল্য ৩৩০০ টকা নিৰ্ধাৰণ কৰাত কৰ্ণাটক চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰে শ শ কুঁহিয়াৰ খেতিয়কে ৷ বৃহস্পতিবাৰে নিশা প্ৰতিবাদকাৰী কৃষকসকলে কুঁহিয়াৰ কঢ়িয়াই নিয়া ৩০খনতকৈও অধিক ট্ৰেক্টৰ জ্বলাই দিয়াৰ পিছত শেহতীয়াকৈ বাগালকোটত কুঁহিয়াৰ খেতিয়কৰ প্ৰতিবাদে অধিক হিংসাত্মক ৰূপ ধাৰণ কৰিছে।
গোদাৱৰী চেনিৰ কাৰখানাৰ ভিতৰত কুঁহিয়াৰ ভৰ্তি ১০০ৰো অধিক ট্ৰেক্টৰত জুই লগাই পৰিবেশ আতংকময় হৈ পৰে । কাৰখানাটোৰ ভিতৰত শাৰী পাতি থকা ট্ৰেক্টৰবোৰ জ্বলি অঞ্চলটো ঘন ধোঁৱাই আৱৰি ধৰিছে। ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে দুখন মটৰ চাইকেলতো জুই লগাই দিয়ে ।
পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠিচাৰ্জ কৰাৰ বিপৰীতে ক্ষোভিত প্ৰতিবাদকাৰীয়ে আৰক্ষীলৈ লক্ষ্য কৰি শিলাবৰ্ষন কৰে ৷ বৰ্তমান সমগ্ৰ বাগালকোট অঞ্চলটোৰ পৰিস্থিতি আৰু অধিক ভয়াৱহ হৈ পৰিছে ৷ উত্তেজনা অব্যাহত থকাৰ মাজতে ইতিমধ্যে ঘটনাস্থলীলৈ অতিৰিক্ত নিৰাপত্তাৰক্ষী প্ৰেৰণ কৰিছে প্ৰশাসনে ৷




































