Zubeen khetra:
হিয়াৰ আমঠু জুবিন গাৰ্গৰ শেষ শয়নস্থলী জুবিন ক্ষেত্ৰ এতিয়া পৰ্যবেশিত হৈছে এক পবিত্ৰ ভূমিলৈ ৷
জুবিন ক্ষেত্ৰ দৰ্শন কৰিবলৈ দৈনিক সহস্ৰাধিক অনুৰাগীৰ আগমন ঘটে ৷ জুবিন ক্ষেত্ৰ সদায় হৈ থাকে লোকে লোকেৰাণ্য ৷
ADVERTISEMENT
ইয়াৰ মাজতে সময়ে সময়ে সংঘটিত হোৱা অবাঞ্চিত কাৰ্যই জুবিন অনুৰাগীক কৰি তোলে ক্ষোভিত ৷ নিশা গভীৰ হ’লেই একাংশ সুৰাপায়ীয়ে সুৰামত্ত হৈ উদ্ভাণ্ডালি কৰি আহিছে ৷ আজি পুৱতি নিশা উদ্ভাণ্ডালি কৰি সোণাপুৰ আৰক্ষীৰ জালত পৰে দুই সুৰাপায়ী ৷
অশ্লীল বাক্যবানেৰে জুবিন ক্ষেত্ৰত অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ কৰাৰ বাবে সোণাপুৰ আৰক্ষীয়ে আটক কৰে দুই সুৰাপায়ীক ৷




































