আকাশৰে উৰি গ’লে দেখাত এখন বিমান যেন লাগে। ২৪০ বছৰ পূৰ্বে পৃথিৱীৰ পৰা অন্তর্ধান হোৱা এনে বৃহদাকাৰ এবিধ পক্ষীয়ে অলপতে পুনৰ ব্রিটেইনৰ আকাশত ভুমুকি মাৰিলে। হাড় কঁপোৱা শীতৰ আকাশত ডেউকা মেলি দিয়া এই প্ৰজাতিৰ দুটা পক্ষীক যোৱা ১৩ নৱেম্বৰত এজন পক্ষী পর্যবেক্ষকে দেখা পায়।
হেনৰী শ্বাকী নামৰ এই পর্যবেক্ষকজনে প্রায় আঢ়ৈ বছৰ পূর্বে বিলুপ্ত হোৱা বুলি ধাৰণা কৰা এই পক্ষীবিধ দেখাৰ দুদিন পূর্বে এনে প্ৰজাতিৰ এটা পক্ষী এশ্ব ডাউন অৰণ্যত প্রত্যক্ষ কৰা হয়। পক্ষীটো প্রত্যক্ষ কৰা এজন লোকে ইয়াৰ ফটোও তুলিবলৈ সক্ষম হয়। এই পক্ষীবিধক দৈত্যকায় চিকাৰী পক্ষী বুলি আখ্যা দিয়া হয়। দুই শতাব্দীৰ পাছত পুনৰ ভুমুকি মৰা এই পক্ষী প্রত্যক্ষ কৰা হয় ব্রিটেইনৰ ছাছেক্সৰ আকাশত।
মাথোঁ দুটা দিনৰ অন্তৰতে এই পক্ষী পুনৰ প্ৰত্যক্ষ কৰাৰ ঘটনা আছুতীয়া ঘটনা নহয় বুলি আখ্যা দিছে পক্ষীবিদসকলে। দৰাচলতে একালত হেৰাই যোৱা এই পক্ষীৰ পুনৰ আবিৰ্ভাৱ ঘটিছে। এই পক্ষীবিধক বগা নেজৰ ঈগল বুলিও জনা যায়। বহুতে সাগৰীয় ঈগল বুলিও আখ্যা দিয়া এই পক্ষী একালত সমগ্র ইংলণ্ডত পোৱা গৈছিল। কিন্তু মানুহৰ অত্যাচাৰত অষ্টাদশ শতিকাৰ অন্তিমফালে এই পক্ষী নোহোৱা হয়।
এই পক্ষীবিধৰ বৈজ্ঞানিক নাম হৈছে হেলিয়াঈটাছ এলবিচিল্লা। এই পক্ষীবিধক পুনৰ পৃথিবীলৈ অনাৰ বাবে তিনিটা সংস্থাই এক বহুবছৰীয়া পদক্ষেপ গ্ৰহণ কৰে। অৱশেষত ঈপ্সিত লক্ষ্যত উপনীত হ’বলৈ সক্ষম হোৱা এই সংস্থা তিনিটা হ’ল ফৰেষ্ট্রী ইংলণ্ড, বয় ডেনিছ রাইল্ডলাইফ ফাউণ্ডেছন আৰু নেচাৰেল ইংলণ্ড। ২০১৯৩ বয় ডেনিছ রাইল্ডলাইফ ফাউণ্ডেছন আৰু ফৰেষ্ট্ৰী ইংলণ্ডে স্কটলেণ্ডৰ অনুজ্ঞাপত্র থকা বন্যপক্ষীৰ বাঁহৰ পৰা এই ঈগলৰ পোৱালি বাইটলৈ নি পোহপাল দিয়ে।
এনেদৰে ডাঙৰ কৰা পক্ষীবোৰক সংস্থা দুটাই হাবিত মুকলি কৰি দিয়ে। ইয়াৰ দ্বাৰা সংস্থা দুটাই ইংলণ্ডৰ দক্ষিণ উপকূলত এনে ছটাৰ পৰা আঠটা পক্ষী প্ৰজননৰ ব্যৱস্থা কৰে। এই প্রকল্পত অনুমোদন জনায় নেচাৰেল ইংলণ্ডে। এনেদৰে এই তিনিটা সংস্থাই চলিত বৰ্ষৰ আগষ্টলৈকে এনে ৪৫ টা পক্ষী ডাঙৰ কৰি বনত এৰি দিবলৈ সক্ষম হয়। এই পক্ষীসমূহৰ বিচৰণ বিট্রেইনত সম্প্রতি দেখিবলৈ পোৱা গৈছে।
এনে একোটা প্রাপ্তবয়স্ক পক্ষীৰ ডেউকা মেলি দিলে প্রায় আঠ ফুট হয়। ইয়াৰ উৰণো দৃষ্টিনন্দন হয়। উল্লেখ্য যে উক্ত তিনি সংস্থাৰ উদ্যোগ তথা সহযোগত ২০২৩ত এনে পক্ষীৰ কণীৰ উমনি দিয়া হয়। ১৭ শতিকাৰ পাছত প্ৰথমবাৰৰ বাবে ইংলণ্ডত এনে ঘটনা সংঘটিত হয়। পৰৱৰ্তী সময়ত ২০২৪তো এনে পক্ষীৰ দুটা পোৱালি জন্ম হয়। এইবাৰো ইয়াৰ পোৱালি জন্ম হোৱাত এনে পক্ষীৰ সংখ্যা অধিক বৃদ্ধি পায়।
পক্ষীবিধৰ প্ৰজননৰ ক্ষেত্ৰত লাভ কৰা সফলতাই প্রকল্পটোৰ এক বৃহৎ বিজয়ক সূচায়। ইয়াৰ জৰিয়তে প্রতিপন্ন হয় যে লুপ্ত হোৱা এই পক্ষীবিধে অনুকূল বাতাবৰণ লাভ কৰিলে পুনৰ বংশবৃদ্ধি ঘটাব পাৰে। অৱশ্যে এই চিকাৰী পক্ষীবিধৰ প্ৰত্যাৱৰ্তনক ব্রিটেইনৰ সকলোৱে আদৰণি জনোৱা নাই। বিশেষকৈ কৃষিজীৱী লোকসকলে এই চিকাৰী পক্ষী পুনৰ আগমনক লৈ সংশয় প্রকাশ কৰিছে।
তেওঁলোকৰ আশংকা হ’ল যে এই পক্ষীয়ে হাঁহ-কুকুৰা আদিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব। অৱশ্যে স্কটলেণ্ডৰ এটা কৃষক সংস্থাৰ মতে এই পক্ষীয়ে পোহনীয়া হাঁহ-কুকুৰা চিকাৰ কৰা ঘটনা বিৰল। পক্ষীবিধে মাছ, জলচৰ পক্ষী আদিহে ভক্ষণ কৰে বুলি সংস্থাটোৱে প্ৰকাশ কৰিছে।
আনহাতে, এই পক্ষীবিধৰ গতিবিধি নিৰীক্ষণত ৰখাৰ উদ্দেশ্যে ইয়াৰ প্ৰতিটোৰে দেহত জিপিএছ ট্ৰেকাৰ লগোৱা হৈছে। এই জিপিএছ ট্ৰেকাৰৰ জৰিয়তে বিজ্ঞানীসকলে পক্ষীবিধৰ বিষয়ে অধ্যয়ন কৰিব পাৰিব।






























