ACMS Protest:
নগাঁৱৰ চামগুৰিত জ্বলিল বিধায়ক অখিল গগৈৰ পুত্তলিকা ৷ চাহ শ্ৰমিক ৰাইজক ভূমি পট্টা প্ৰদানৰ ক্ষেত্ৰত বাধা প্ৰদান আৰু বিধান সভাত চাহ শ্ৰমিক ৰাইজক উদ্দেশ্যে বিৰূপ মন্তব্য প্ৰকাশ কৰাৰ বাবে আমনিত অখিল গগৈৰ পুত্তলিকা দাহ কৰে অসম চাহ মজদুৰ সংঘৰ লগতে শতাধিক চাহ শ্ৰমিক ৰাইজে ৷ অখিল গগৈৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে আকাশ – বতাহ মুখৰিত কৰি তোলে ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে ৷

আনহাতে চাহ জনগোষ্ঠী অধ্যুষিত অঞ্চলত বিধায়ক অখিল গগৈক নিষিদ্ধ ঘোষণা কৰে চাহ শ্ৰমিকৰ লগতে চাহ মজদুৰ সংঘই । প্ৰতিবাদকাৰীয়ে বিধায়ক অখিল গগৈক দানৱৰ প্ৰেচিডেণ্ট বুলি আখ্যা দি আগন্তুক নিৰ্বাচনত শিৱসাগৰৰ চাহ শ্ৰমিক ৰাইজে যোগ্য প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দিয়ে ৷




































