শীত আহিলে যেন শৰীৰৰ শক্তি হেৰাই যায়! পুৱা বিছনাৰ পৰা উঠিবলৈ মন নাযায়, দিনত কামৰ মাজত নিদ্রা ভাব আহে, এনে লাগে যেন বহুদিন নিদ্রাগ্রহণ কৰা নাই। এই ঋতুত কেৱল আপোনাৰ বাবেই নহয়, প্রায় সকলোৰে ক্ষেত্ৰতো এনেকুৱা হয়। বিশেষজ্ঞসকলৰ মতে ইয়াৰ আঁৰত প্ৰকৃতি আৰু শৰীৰৰ ছন্দৰ মাজত গভীৰ সম্পৰ্ক আছে।
শীতকালত দিনটোৰ দৈর্ঘ্য চুটি হৈ পৰে। ফলত শৰীৰে কম সূৰ্যৰ পোহৰ লাভ কৰে, যাৰ ফলত আমাৰ ‘চার্কেডিয়ান বিডম’ বা শৰীৰৰ প্রাকৃতিক টোপনি-জাগৰণৰ ঘড়ীত প্ৰভাৱ পৰে। আমি কম পোহৰ পালে শৰীৰত অধিক পৰিমাণে মেলাটনিন উৎপন্ন হয়, ফলত টোপনি অহা আৰু ভাগৰুৱা ভাব হয়। ইয়াক ‘শীতকালীন ক্লান্তি ছিনড্ৰ’ম’ বুলি কোৱা হয়।তদুপৰি সূৰ্যৰ পোহৰে শৰীৰত ভিটামিন ‘ডি’ উৎপন্ন কৰে।
শীতকালত সূৰ্যৰ পোহৰ কম হোৱাৰ বাবে ভিটামিন ‘ডি’ৰ অভাৱ ঘটে, ফলত ভাগৰুৱা, পেশীৰ দুৰ্বলতা আৰু হতাশাৰ সৃষ্টি হয়। একে সময়তে বহু লোক ঠাণ্ডাৰ বাবে ঘৰৰ ভিতৰতে থাকে, ব্যায়াম কমি যায়, শৰীৰত তেজৰ সঞ্চালন কমি যায়। ফলত আমি অধিক মন্থৰ অনুভৱ কৰো।
মনোবিজ্ঞানীসকলেও কয় যে সূৰ্যৰ পোহৰ কম হ’লে আমাৰ মেজাজ নিয়ন্ত্ৰণ কৰা ‘চেৰ’টনিন’ হৰম’নৰ পৰিমাণ কমি যায়। এই সময়ত বহুতে ‘শীতকালীন ক্লুজ’ বা মৃদু হতাশাৰ সম্মুখীন হয়। এই মানসিক অবস্থাই টোপনি আৰু কর্মক্ষমতাও হ্রাস কৰে।
কিন্তু কিছু সহজ পৰিৱৰ্তনৰ দ্বাৰা এই সমস্যা দূৰ কৰিব পাৰি। পুৱা সাৰ পালে পর্দাবোৰ আঁতৰাই সূৰ্যৰ পোহৰ






























