Live- in Relationship:
প্রাপ্তবয়স্ক হ’লেও বিবাহৰ বাবে আইনী দিশৰ পৰা বয়স্ক নহ’লেও পাৰস্পৰিক সন্মতিৰ ভিত্তিত এনে পুৰুষ-মহিলা ‘লিভ ইন’ অর্থাৎ মুক্ত সহবাসত আইনী বাধা নাই বুলি ৰায়দান কৰিলে ৰাজস্থান উচ্চ ন্যায়ালয়ে।
ন্যায়াধীশে স্পষ্টভাৱে কয় যে এয়া এক সাংবিধানিক অধিকাৰ আৰু ইয়াক খৰ্ব কৰিব নোৱাৰি। এগৰাকী ১৮ বছৰ বয়সীয়া যুৱতী আৰু ১৯ বছৰ বয়সীয়া যুৱকে দাখিল কৰা সুৰক্ষাৰ আবেদনৰ শুনানি কালত এই ৰায় দিলে ন্যায়াধীশ অনুপ ধাণ্ড কোটাৰে।
উক্ত যুগলে আদালতক জনোৱা অনুসৰি, তেওঁলোকে নিজৰ ইচ্ছাত একেলগে বসবাস কৰিছে। যুগলে লগতে আদালতক কৈছিল যে চলিত বৰ্ষৰ ২৭অক্টোবৰত তেওঁলোকে এক ‘লিভ ইন’ চুক্তি কৰিছিল আৰু যুৱতীৰ পৰিয়ালে এই সম্পৰ্কৰ বিৰোধিতা কৰাৰ লগতে হত্যাৰো ভাবুকি দিছিল।
কোটা আৰক্ষীক এই বিষয়ত অভিযোগ দি কোনো সহায় লাভ নকৰাৰ অভিযোগ তুলি যুগলে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। যুগলৰ বিৰুদ্ধে চৰকাৰী অধিবক্তা বিবেক চৌধুৰী যুক্তি দর্শাই আদালতক কয় যে যিহেতু যুৱকৰ বিবাহৰ ন্যূনতম বয়স ২১ বছৰ হোৱা নাই, সেয়েহে তেওঁক ‘লিভ ইন’ সম্পর্কত থকাৰ অনুমতি দিব নালাগে।
কিন্তু আদালতে চৰকাৰী অধিবক্তাৰ যুক্তি নাকচ কৰি কয় যে সংবিধানৰ ২১ অনুচ্ছেদৰ অধীনত জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ অধিকাৰ কেৱল আবেদনকাৰীৰ বিবাহযোগ্য বয়স নোহোৱাৰ কাৰণত অস্বীকাৰ কৰিব নোৱাৰি।
ন্যায়াধীশ কোটাৰে ক’লে, ‘ৰাষ্ট্ৰৰ প্রতিজন ব্যক্তিৰ জীৱন আৰু স্বাধীনতা ৰক্ষা কৰাৰ সাংবিধানিক বাধ্যবাধকতা আছে।’ ন্যায়াধীশে পর্যবেক্ষণত লগতে কয় যে ‘লিভইন’ সম্পৰ্ক ভাৰতীয় আইনত নিষিদ্ধ বা অপৰাধ নহয়। ৰাজস্থান উচ্চ ন্যায়ালয়ে এই গোচৰৰ ৰায়দান কৰি স্পষ্টভাৱে কয় যে বিবাহৰ বাবে আইনী বয়স নহ’লেও ভাৰতত প্রাপ্তবয়স্কৰ পৰস্পৰৰ সন্মতিত মুক্ত সহবাস বা ‘লিভ ইন’ অবৈধ নহয়।




































