দেশত এশদিনীয়া কর্মসংস্থাপনৰ আঁচনিক লৈ নতুন আইন আনিবলৈ উদ্যোগ লৈছে বিজেপি চৰকাৰে। ইয়াকে লৈ চৰ্চাৰ মাজতে সোমবাৰে এই সম্পর্কীয় বিধেয়ক উত্থাপন কৰাৰ কথা আছিল যদিও সংসদ স্থগিত হোৱাত অসুবিধাৰ সৃষ্টি হয়।
সূত্রত প্রকাশ যে বিধেয়কত এশদিনীয়া কর্মদিনৰ পৰিমাণ ১২৫ দিন কৰিবলৈ প্ৰস্তাৱ দিয়া হৈছে। লগতে ইয়াৰ নামো সলনি কৰা হৈছে। মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োজন নিশ্চিতি আইন চমুকৈ বৰ্তমানৰ মহাত্মা গান্ধী এনৰেগা নামৰ পৰিৱৰ্তে বিধেয়কত প্রস্তাবিত নতুন নাম হৈছে বিকশিত ভাৰত গেৰাণ্টি ফৰ ৰোজগাৰ এণ্ড আজীৱিকা মিছন (গ্রামীণ) চমুকৈ ‘জি ৰামজী’।
কেন্দ্রীয় চৰকাৰে সাংসদসকলক বিতৰণ কৰা বিধেয়কৰ প্ৰতিলিপিত উল্লেখ যে ২০৪৭ পর্যন্ত দেশত লক্ষ্য নির্ধাৰিত উন্নয়নৰ ৰূপৰেখা ‘বিকশিত ভাৰত’ৰ স’তে সংগতি ৰাখি গ্রামীণ উন্নয়ন প্ৰকল্পৰ কাঠামো প্ৰস্তুত কৰা হৈছে। কোৱা হৈছে যে গ্রামীণ ভাৰতৰ সমৃদ্ধিৰ বাবে গ্রামাঞ্চলৰ প্ৰতিটো পৰিয়ালৰ স্বেচ্ছাসেৱকক এই কামত নিযুক্তি দিয়া হ’ব।
প্রতিটো বিত্তীয় বর্ষত ১২৫ দিনৰ কাম প্রতিজনে লাভকৰিব।ইপিনে, নামক লৈ আৰম্ভ হৈছে বিতর্ক। বিৰোধীয়ে প্ৰশ্ন কৰে যে এই আঁচনিৰ পৰা মহাত্মা গান্ধীৰ নাম কিয় আঁতৰোৱা হ’ল। ইয়াকে লৈ নৰেন্দ্ৰ মোদী চৰকাৰৰ বিৰুদ্ধে সমালোচনাত সৰৱ হৈছে বিৰোধী দলসমূহ।
কংগ্রেছ নেতা প্রিয়ংকা গান্ধীয়ে সংবাদ মাধ্যমক এই প্রসংগত কয়, ‘মহাত্মা গান্ধীৰ নাম কিয় আঁতৰোৱা হ’ল? মহাত্মা গান্ধী কেৱল দেশৰে মান্য নেতা নহয়। সমগ্র বিশ্বই তেওঁক সন্মান কৰে।’ ৰাজ্যসভাত তৃণমূল সাংসদ ডেৰেক অ’ ব্রায়ানে এই বিষয়টোক মহাত্মা গান্ধী বুলি অভিহিত কৰে।






























