Delhi Air Pollution:✒️কুঁৱলী আৰু প্ৰদূষণৰ ফলত দিল্লীত শ্বাসৰুদ্ধকৰ পৰিস্থিতি। দীপাৱলীৰ পৰাই ব্যাহত হৈছে স্বাভাৱিক জীৱন। শনিবাৰে দিল্লীৰ সামগ্ৰিক বায়ুৰ গুণাগুণ সূচকাংক (একিউআই) আছিল ৩৮০।
আনহাতে, ঘন কুঁৱলীৰ বাবে ৰাজধানী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত দৃশ্যমানতা শূন্যৰ ওচৰলৈ হ্ৰাস পাইছে। ফলত আজি এশৰো অধিক বিমান বাতিল কৰা হৈছে। ৰেল সেৱাও ব্যাহত হৈছে।
কুঁৱলী আৰু দুৰ্বল দৃশ্যমানতাৰ বাবে ৰে’লৰ চলাচল প্ৰভাৱিত হৈছে।নিৰ্ধাৰিত সময়তকৈ বহু পলমকৈ যাত্ৰা কৰিছে বহু বিমান। ।
কেৱল ঠাণ্ডাই নহয়; প্ৰদূষণো এটা প্ৰধান কাৰক।প্ৰদূষণৰ বিৰুদ্ধে যুঁজিবলৈ ৰাজধানীত সৰ্বোচ্চ পৰ্যায়ৰ নিয়ন্ত্ৰণ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াৰ পাছতো অৱশ্যে দিল্লীৰ বায়ুৰ গুণাগুণ উন্নত হোৱা নাই।
শেহতীয়াকৈ দিল্লী চৰকাৰে প্ৰদূষণ হ্ৰাস কৰাৰ ব্যৱস্থা হিচাপে ‘ক্লাউড ছিডিং’ ৰূপায়ণ কৰিছিল।
