গোলকীয় উষ্ণতাক লৈ যিমান কথা হয়, কাম কিন্তু তাৰ বিন্দুমাত্রও নহয়। এই কথাটো এতিয়া দিনৰ পোহৰৰ দৰে সত্য। প্রতি বছৰে জলবায়ু সম্মিলনত কেৱল প্রতিশ্রুতিৰ বন্যা বোৱায় ৰাষ্ট্রপ্রধানসকলে; কিন্তু কার্যক্ষেত্রত সকলো ব্যর্থ।
নহ’লেনো বাৰু বছৰ বছৰ ধৰি পৰিৱেশৰ অৱস্থা উত্তৰোত্তৰ অৱনতিৰ দিশে যাইনে? কিয় উষ্ণতাৰ লেকামহীন বৃদ্ধিক হ্রাস কৰিব পৰা নাযায়?
এই লেকামহীন উষ্ণতা বৃদ্ধিৰ অব্যৰ্থ ফলাফল হিচাপে আমি আৰু এটা ‘উষ্ণতৰ’ বৰ্ষক স্বাগত জনাবলৈ সাজু হৈছো। ২০২৬ বৰ্ষত ভৰি দিয়াৰ পূৰ্বেই আগন্তুক বছৰটোৰ সামগ্রিক বতৰক কেন্দ্ৰ কৰি অশনি সংকেত দিলে একাংশ বিশেষজ্ঞই।
তেওঁলোকৰ পূর্বাভাস অনুসৰি, ২০২৬ত পৃথিৱীৰ গড় উষ্ণতা যিমানখিনি বৃদ্ধি পাবলৈ গৈ আছে, সেয়া বিপদ সীমাতকৈ মাত্র এখোজ দূৰত।
বিন্দু বিন্দু জমা হৈয়েই সিন্ধু হয়- এই বাক্যশাৰীৰ ইতিবাচকতা সকলো ক্ষেত্রতে সত্য নহয়। বিশেষকৈ তাপমাত্রা বৃদ্ধিৰ ক্ষেত্ৰত এই বাক্যশাৰী নেতিবাচক। তাপমাত্রা বৃদ্ধিৰ ক্ষেত্ৰত অলপ অলপকৈ বাঢ়ি থকাৰ পৰাই এটা সময়ত বিস্ফোৰক হৈ উঠিব পাৰে।
দীর্ঘ কালৰ আগৰ পৰাই সামান্যতম উষ্ণতা বাড়ি বাঢ়ি সম্প্রতি এনে এক পর্যায়ত উপনীত হৈছে যে তাৰ পৰা আৰু নিয়ন্ত্ৰণৰ উপায় প্রায় নাই। হিচাপ-নিকাচ কৰি বিশেষজ্ঞসকলে জনাইছে যে গড় উষ্ণতা ১.৫ ডিগ্রী ছেন্টিগ্রেড পর্যন্ত বাঢ়িলেই মহা বিপদ নামি আহিব। ২০২৬ত সেই অংকই স্পৰ্শ কৰিব ১.৪ ডিগ্রী।
দশমিকৰ অংক এই ক্ষেত্রত কিমান বেছি গুৰুত্বপূৰ্ণ, সেয়া বুজা গৈছে। বিজ্ঞানীসকলে ব্যাখ্যা কৰিছে যে বিশ্বৰ গড় উষ্ণতা ১.৩ ডিগ্ৰীৰ পৰা বাঢ়ি ১.৪ ডিগ্রী হোৱাটো একান্তই যোগ-বিয়োগৰ হিচাপমাত্ৰ, ইমান বিপদৰ বীভৎসতাক তেনেকৈ ঠাৱৰ কৰিব পৰা নাযায়। বিগত তিনি বছৰৰ পৰা এই বৃদ্ধিৰ দ্রুত হাৰতে লুকাই আছে অশনি সংকেত।
পৰিৱেশৰ তৰম সময় তেতিয়াৰ পৰাই আৰম্ভ হৈছে। অৰ্থাৎ তীব্ৰ গৰম পৰা মানে সমগ্র বছৰটোত একে ধৰণৰ গৰম, আকৌ বৰষুণ আৰম্ভ হ’লে অবিৰাম চলি থাকে, আকৌ ক’ৰবাত শুষ্ক-ৰুক্ষতা সদা বিৰাজমান।
এয়াই হৈছে গোলকীয় উষ্ণতা চৰম সীমাত উপনীত হোৱাৰ একো একোটা ইংগিত। আশংকাৰ কথাটো হৈছে, ইয়াৰ সুদূৰপ্ৰসাৰী প্ৰভাৱত ক’ৰবাত ক’ৰবাত সমগ্র বাস্তুতন্ত্র ভাঙি পৰিব পাৰে, হেৰাই যাব পাৰে জীৱ-বৈচিত্র্য। সকলো মিলাই পৃথিৱীৰ সমস্ত নিয়ম-শৃংখলাৰ বান্ধোন ছিঙি তুমুল বিশৃংখল পৰিস্থিতি হোৱাটো হয়তো আৰু প্ৰতিৰোধ কৰা সম্ভৱ নহয়। আনন্দৰে নতুন বছৰক স্বাগত জনোৱাৰ সমান্তৰালকৈ আমি আশু বিপদৰ কথাও মনত ৰাখিব লাগিব।






























