বহুতৰে অলক্ষিতে নিঃসংগতাই ক্রমাৎ সুপ্ত মহামাৰীৰ ৰূপ ধাৰণ কৰিবলৈ লৈছে। বিশ্ব স্বাস্থ্য সংস্থা (হু)ব শেহতীয়া এক তথ্য অনুসৰি ২০১৪ৰ পৰা ২০১৯ লৈ পাঁচটা বছৰত নিঃসংগতাৰ বাবে বিশ্বত বছৰি ৮,৭১,০০০কৈ লোকৰ মৃত্যু হয়। অর্থাৎ এই পাঁচ বছৰত নিঃসংগতাৰ বাবে প্রতি ঘণ্টাত এশজনকৈ লোকে মৃত্যুক সাবটি লয়। গতিকে এই তথ্যই প্রতিপন্ন কৰে সমস্যাটোৱে কেনে জটিল ৰূপ ধাৰণ কৰিছে।
নিঃসংগতাই যে সংগোপনে এক মহামাৰীৰ ৰূপ ধাৰণ কৰিছে সেয়া প্রতিপন্ন হয় আন এক তথ্যতো। কাৰণ শেহতীয়াভাবে জাপান আৰু ব্রিটেইনে নিঃসংগতা মন্ত্রী নিযুক্তি দিছে। এই মন্ত্রীসকলে সমাজৰ বিভিন্নজনৰ মনৰ পৰা নিঃসংগতাৰ অনুভৱ দূৰ কৰিবলৈ কাৰ্যসূচী গ্ৰহণ কৰিছে। ইতিমধ্যে নিঃসংগতা বিভাগৰ ব্রিটেইনৰ মন্ত্রী ট্রেচী ক্রাউছে পাঁচ বছৰীয়া কার্যকাল সম্পূর্ণ কৰিছে।
এনে মন্ত্ৰীয়ে নিঃসংগতা দূৰীকৰণৰ বাবে বাস্তৱ পৰিস্থিতিৰ স’তে সামঞ্জস্য ৰাখি কেতবোৰ চৰকাৰী নীতি প্রস্তুতত ভূমিকা পালন কৰে। আনহাতে, বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি সম্প্রতি বিশ্বৰ প্ৰতি ছজন লোকৰ এজনেই নিঃসংগতাত আক্রান্ত।
লক্ষ্যণীয়ভাবে নিঃসংগতাৰ সমস্যা ধনী দেশসমূহৰ তুলনাত নিম্ন আয়ৰ দেশসমূহত অধিক বুলি উল্লেখ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই। গতিকে বিষয়টো ভাৰতৰ বাবেও গুৰুত্বপূর্ণ। কাৰণ নিম্ন আয়ৰ দেশসমূহ সাধাৰণতে এছিয়া আৰু আফ্রিকা মহাদেশত অৱস্থিত। বিশ্ব স্বাস্থ্য সংস্থাই আঙুলিয়াই দিছে যে সময় আগবঢ়াৰ লগে লগে সামাজিক আৰু সামূহিক সম্পৰ্কৰ ক্ষয় হ’বলৈ ধৰিছে।
এনে নেতিবাচক কাৰকে বয়স্ক লোকসকল আৰু কিশোৰ-কিশোৰীসকলৰ ওপৰত অধিক বিরূপ প্রভাৱ পেলায়। ফলত এনে লোকসকল নিঃসংগতাৰ সমস্যাৰ ক্ষেত্ৰত অধিক স্পৰ্শকাতৰৰূপে চিহ্নিত হৈছে। সামূহিক আৰু সামাজিক বান্ধোনৰ ক্ষয় হ’বলৈ ধৰাত পূৰ্বৰ লেখীয়াকৈ মানুহৰ মাজৰ মিলা-প্ৰীতিৰ ভাব নোহোৱা হৈছে। এজনে আনজনৰ ওচৰত মনৰ কথা খুলি ক’বলৈ সংকোচ কৰা হৈছে। ইয়ে বহু লোকৰ মনত নিঃসংগতাৰ সৃষ্টি কৰিছে।
উল্লেখ্য যে পশ্চিমৰ ধনী দেশসমূহৰ তুলনাত আফ্রিকা আৰু এছিয়াৰ নিম্ন আয়ৰ দেশসমূহত সামাজিক জীৱন আৰু সংযোগ অধিক উজ্জীবিত বুলি এক ধাৰণা আছে। তৎসত্ত্বেও এই দেশসমূহতো নিঃসংগতাই ভয়াৱহ ৰূপ ধাৰণ কৰা বুলি হবে বিবেচনা কৰিছে। গৱেষকসকলৰ মতে, নিঃসংগতাত আক্রান্ত এজন ব্যক্তিয়ে সামাজিক বা সামূহিক জীৱনৰ পৰা নিজকে আঁতৰাই ৰাখে।
এই সমস্যা নিতৌ জটিল হ’বলৈ ধৰা বুলিও গবেষকসকলে বিশ্বাস কৰে। গতিকে সময় থাকোতে চৰকাৰসমূহে ব্যৱস্থা গ্রহণ কৰা উচিত বুলি বিশেষজ্ঞসকলে মতপোষণ কৰিছে। ইতিমধ্যে জাপান আৰু ব্রিটেইনৰ সদৃশ নহ’লেও দক্ষিণ কোৰিয়া, ছিংগাপুৰ আৰু নেদাৰলেণ্ডে ব্যৱস্থা গ্রহণ কৰিছে।
নিঃসংগতাত আক্রান্তসকলক চিকিৎসালয়ত ভর্তি কৰি চিকিৎসা প্রদান কৰাতকৈ আন ধৰণৰে তেওঁলোকৰ মনৰ পৰা নিঃসংগতা দূৰীকৰণৰ ব্যৱস্থা কৰিছে এই তিনি দেশৰ চৰকাৰে। এই উদ্দেশ্যে বিভিন্ন স্থানত উদ্যান আৰু পুথিভঁৰাল স্থাপন কৰিছে। এনে পদক্ষেপৰ জৰিয়তে সামাজিক বান্ধোন সহজে গঢ়ি তুলিব বিচৰা হৈছে।
উল্লেখ্য যে নিঃসংগতাক একাংশ বিশেষজ্ঞই এক ৰাজনৈতিক সমস্যাৰূপেও বিশ্লেষণ কৰিছে। আধুনিক পুঁজিবাদ আৰু উন্নত প্রযুক্তি বিশেষকৈ সামাজিক মাধ্যম আদিৰ স’তেও নিঃসংগতাৰ সমস্যাৰ সম্পৰ্ক আছে বুলিও বহু গবেষকে মতপোষণ কৰিছে।
দৰাচলতে আধুনিক পুঁজিবাদ শোষকতহে পৰিণত হোৱা বুলি বহুতে গণ্য কৰিছে। একেদৰে কৃত্রিম বুদ্ধিমত্তাৰ দৰে প্রযুক্তিয়েও মানুহৰ মনৰ পৰা সম্পূৰ্ণৰূপে নিঃসংগতা দূৰ কৰিবলৈ সক্ষম হোৱা নাই। অৱশ্যে ইয়ে নিঃসংগজনক একপ্ৰকাৰ সংগ দিয়ে। বহুতে সামাজিক মাধ্যম আদিত ব্যস্ত থাকি মনৰ পৰা নিঃসংগতাবোধ দূৰ কৰিবলৈ বিচাৰে। একাংশ বিশেষজ্ঞৰ মতে বিচ্ছিন্নতাবোধৰ মুদ্ৰীকৰণ হৈছে আধুনিক পুঁজিবাদৰ আন এক বিজয়। ইয়ে নিঃসংগতাত আর্থিক লাভালাভৰ আহিলাত পৰিণত কৰিছে।
গতিকে আধুনিক প্রযুক্তিয়ে ‘নিঃসংগতাৰ অর্থনীতি’ৰ জন্ম দিছে। অৱশ্যে একাংশ বিশেষজ্ঞৰ মতে নিঃসংগতাৰ অর্থনীতিয়ে মানুহৰ একাকিত্বৰ সমাধান কৰিব নোৱাৰে। অর্থাৎ নিঃসংগতাৰ পৰা পৰিত্ৰাণ বিচাৰি আধুনিক প্রযুক্তিৰ দ্বাৰস্থ হোৱা বহু লোক ‘নিঃসংগতাৰ অর্থনীতি’ৰ দ্বাৰা শোষিতহে হৈছে।






























