Caves:✒️ আমাৰ প্রতিবেশী গ্রহত বাৰু অৱশেষত ‘প্রতিবেশী’ক দেখা পোৱা যাব নেকি? সম্প্রতি মণ্ডল গ্রহক কেন্দ্র কৰি একাংশ চীনা বিজ্ঞানীৰ দাবীয়ে সেই কৌতূহল নতুনকৈ সৃষ্টি কৰিছে। সম্প্রতি তেওঁলোকৰ গৱেষণাৰ পৰা জনা গৈছে যে মঙল গ্ৰহৰ বিখ্যাত ‘হিৱাছ ভেলী’ত কমেও আঠটা এনে গহ্বৰৰ সন্ধান পোৱা গৈছে, যিবোৰ হেনো পানীৰে সৃষ্টি হৈছিল।পূর্বে ধাৰণা কৰা হৈছিল যে আগ্নেয়গিৰিৰ ফলত এই গুহামুখবোৰৰ জন্ম হৈছিল।
যদিও সাম্প্রতিক গবেষণাত জনা গৈছে যে আগ্নেয়গিৰিৰ লাভা নহয়; বৰঞ্চ পানীৰ দৰে কোনো তৰলৰ বাবে শিলাখণ্ড কিছু দ্রবীভূত হৈ এইবোৰ গুহাৰ সৃষ্টি হয়। চীনা বিজ্ঞানীসকলৰ এই দাবীয়ে মঙল গ্ৰহ সম্পৰ্কে আমাৰ ধাৰণাৰ আমূল পৰিৱৰ্তন ঘটাব বুলিয়ে ধাৰণা কৰা হৈছে। ইয়াৰ পাছতে কৌতূহলীসকলৰ স্বাভাবিক প্রশ্ন, তেনেহ’লে বাৰু মঙলত এইবাৰ প্ৰাণৰ অস্তিত্ব পোৱা যাব?
ৰঙাগ্ৰহৰ ‘হিৱাছ ভেলী’ত সম্প্রতি গৱেষণা চলাইছিল এদল চীনা বিজ্ঞানীয়ে। তাতেই এই যুগান্তকাৰী বিষয়টো তেওঁলোকৰ দৃষ্টিগোচৰ হোৱা বুলি দলটোরে দাবী কৰিছে। যোৱা অক্টোবৰত ‘দ্য এস্ট্রোফিজিকেল জার্নেল লেটাছ’ত প্রকাশ পায় এক প্রতিবেদন। তাতেই নাছাৰ ছেটেলাইটৰ পৰা প্রাপ্ত যাবতীয় তথ্য তুলি ধৰি ব্যাখ্যা কৰা হৈছে মঙলৰ নতুনকৈ আৱিষ্কৃত গুহা বা গহ্বৰসমূহৰ সম্পৰ্কে।
নাছাৰ উচ্চ প্ৰযুক্তিৰ যন্ত্র থার্মেল এমিচন স্পেক্টোমিটাৰৰ ফটো আৰু তথ্য বিশ্লেষণ কৰি কোৱা হৈছে যে ৰঙাগ্ৰহৰ সেই অংশৰ প্ৰতিটো গহ্বৰ নিটোল গোল আৰু গভীৰ। তাতেই কিছুমান অভিনৱ শিলাখণ্ড পোৱা গৈছে। যাৰ ৰাসায়নিক পৰীক্ষা কৰি কাৰ্বনেট আৰু ছালফেটৰ উপস্থিতি দেখা পাইছে বিজ্ঞানীসকলে।
অধিক পৰীক্ষা-নিৰীক্ষা চলাই বিজ্ঞানীসকলে দাবী কৰিছে যে এই ধৰণৰ গহ্বৰ সৃষ্টি হৈছিল পৃথিৱী সৃষ্টিৰ সময়তে; কিন্তু মঙলৰ বুকুত এইদৰে সৃষ্টি গহ্বৰৰ সন্ধান এই প্রথম। সৌৰ বিকিৰণ, ধূলিৰ ধুমুহা আৰু তাপমাত্ৰাৰ চৰম পৰিৱৰ্তনৰ প্রকোপত এনেকুৱা পৰিস্থিতি হোৱা বুলি দাবী কৰা হৈছে।
এই ধৰণৰ গুহাত অণুজীৱ থকাৰ দৰে পৰিৱেশ থাকে বুলি বিজ্ঞানীসকলে মত প্রকাশ কৰিছে। তেতিয়া হ’লে কি আমাৰ প্রতিবেশী গ্রহতো অণুজীৱৰ অস্তিত্ব আছে? এইটোরেই এতিয়া কোটি টকীয়া প্রশ্ন। যদি তেনেকুৱাই হয়, সেইক্ষেত্রত মণ্ডলত প্ৰাণৰ সন্ধানত চলা গৱেষণাই নিঃসন্দেহে নতুন মাত্রা পাব।






























